চাউল নে বৰবিহ!

author img

By

Published : Sep 22, 2021, 8:09 AM IST

rice distribution issue at naharkatiya

প্লাষ্টিকৰ পাচতেই এইবাৰ চৰকাৰী চাউলত ওলাইছে চাউল সদৃশ বিশেষ পদাৰ্থ ৷ সমবায় সমিতিয়ে ভিটামিন চাউল বুলি আখ্যা দিয়ে যদিও ঘটনাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ মাজত ৷ ক’ত হৈছে এনে ঘটনা, সবিশেষ পঢ়ক...

মৰাণ, 22 ছেপ্তেম্বৰ: চৰকাৰে দৰিদ্ৰসকললৈ চৰকাৰী ৰেচন যোগান ধৰিছে সঁচা, কিন্তু এই ৰেচন কিমান বিশুদ্ধ? কিয়নো চৰকাৰে যোগান ধৰা চাউলত ওলাইছে চাউল সদৃশ এক বিশেষ পদাৰ্থ ৷ দৰিদ্ৰ পৰিয়াললৈ চৰকাৰে যোগান ধৰা চাউলত এই বিশেষ পদাৰ্থ ওলোৱাৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে দৰিদ্ৰ ৰাইজৰ মাজত ৷ সেয়েহে ৰাইজৰ মাজত চাউল বিতৰণ বন্ধ কৰিছে এজেণ্টসকলে ৷

নাহৰকটীয়াত চৰকাৰী চাউল বিতৰণত হাহাকাৰ

জানিব পৰা মতে, চাচনী সমবায় সমিতিৰ অন্তৰ্গত হালোৱা গাঁৱৰ সুলভ মূল্যৰ দোকানৰ এজেন্ট তীৰ্থনাথ গগৈয়ে চৰকাৰী চাউল ৰাইজৰ মাজত বিতৰণ কৰি থকা অৱস্থাতে চাউলৰ মাজত ওলায় এই চাউল সদৃশ ভেজাল পদাৰ্থ ৷ এই ভেজাল সদৃশ পদাৰ্থ প্ৰত্যক্ষ কৰি সন্দেহ ওপজাৰ লগে লগে ৰাইজৰ মাজত এই চাউল বিতৰণ বন্ধ কৰি দিয়া হয় ৷

ইয়াৰ পাচতে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত এই সন্দৰ্ভত চাচনী সমবায় সমিতিৰ বিষয়ববীয়াই স্বীকাৰোক্তি দিয়ে ৷ তেওঁ জনোৱা মতে, প্ৰতি বস্তা চাউলত 1 কেজি নতুবা 2 কেজি ভিটামিন জাতীয় চাউল সদৃশ সামগ্ৰী মিলোৱা হয় । এই চাউল ভিটামিন জাতীয় চাউল বুলি সমবায় বিষয়াই জানিবলৈ দিয়ে ৷ কিন্তু তথাপিও ভিটামিন জাতীয় চাউলক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

এই চাউলবিধ সাধাৰণ চাউলতকৈ কিছু পৃথক আৰু ডাঙৰ ৷ চৰকাৰী চাউলত থকা এই কৃত্ৰিম চাউলখিনি প্ৰকৃততে ভিটামিন নে চাউলৰূপী বৰবিহ? এইদৰে প্ৰশ্ন উত্থাপন কৰি যোগান বিভাগক চাউলখিনি পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

কিয়নো যি সময়ত প্লাষ্টিকৰ জাতীয় চাউল খাই বহুলোক বেমাৰত পৰিব লগা হৈছে, তেনে সময়ত চৰকাৰে যোগান ধৰা চাউলত যদি সঁচাকৈ চাউলৰ নামত অন্য সামগ্ৰী মিহলাই দিয়া হৈছে তেন্তে এইটো এক ভাবিবলগীয়া কথা ৷ বিভাগীয় তদন্ততহে পোহৰলৈ আহিব প্ৰকৃততে কি মিহলোৱা হৈছে চৰকাৰী চাউলত ।

লগতে পঢ়ক: দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.