ETV Bharat / state

মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

author img

By

Published : Dec 17, 2021, 11:17 AM IST

ডিব্ৰুগড়ত অনুষ্ঠিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা
ডিব্ৰুগড়ত অনুষ্ঠিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণৰে শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব মটক ৰজা সৰ্বানন্দ সিংহ সোঁৱৰণী আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা (Matak King Sarbananda Singha memmorial football tournament)। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰী পীযুষ হাজৰিকা ৷

ডিব্ৰুগড়, 17 ডিচেম্বৰ : ডিব্ৰুগড়ত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা (Football tournament held in Dibrugarh) ৷ দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব মটক ৰজা সৰ্বানন্দ সিংহৰ(Matak King Sarbananda Singha) সোঁৱৰণী আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা ।

সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদনত, অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই খেলখনত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে ৰাজস্থানী ইউনাইটেড আৰু নৰ্থ ইষ্ট ইউনাইটেড দল (North East United FC) ।

ডিব্ৰুগড়ত অনুষ্ঠিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত আয়োজক সমিতিৰ মুখ্য সম্পাদক মিন্টু বৰপাত্ৰ, যুটীয়া সম্পাদক অজয় গগৈ, প্ৰশান্ত চেতিয়া, ক্ৰীড়া সম্পাদক ৰুবুল গোঁহাই,উজ্বল গোঁহাই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই, সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই আদিকে ধৰি কেইবাগৰাকী ৰ্শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এইকথা প্ৰকাশ কৰে আয়োজক সমিতিৰ বিষয়-ববীয়াসকলে ৷

উল্লেখ্য যে, ছিকিম চুজেম ক্লাব, মেঘালয় PIFC, ইষ্ট বেংগল, অইল ইণ্ডিয়া, অসম আৰক্ষী, বৌদোচা স্প’ষ্টচ ক্লাৱ আদিকে ধৰি মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিবলগীয়া চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব ২৭ ডিচেম্বৰত ।

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ দুই বজাত আৰম্ভ হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ জলসম্পদ লগতে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকী বিধায়ক ।

লগতে পঢ়ক : স্বাৱলম্বনৰ দিশে আগুৱাইছে নাহৰকটীয়াৰ তিনি মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.