ETV Bharat / state

মৰাণত গৰু ভৰ্তি বাহন জব্দ

author img

By

Published : Nov 29, 2020, 10:23 PM IST

A_Moran_Illegal_cow_car_seized_img_As10031
মৰাণত গৰু ভৰ্তি বাহন জব্দ

দেওবাৰে মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে জব্দ কৰে এখন গৰু ভৰ্তি বাহন ৷ ডিব্ৰুগড় দিশৰ পৰা নগাঁৱলৈ নি থকা সময়তে মৰাণৰ খটখটিত স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰা হয় বাহনখন ৷

মৰাণ,29 নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে গৰুৰ চোৰাং বেপাৰ বন্ধ কৰা বুলি ঘোষণা কৰিলেও মৰাণত প্ৰায়ে জব্দ হৈছে অবৈধ গৰু । দেওবাৰে মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে জব্দ কৰে এখন গৰু ভৰ্তি বাহন ৷ AS12BC6431 নম্বৰ এখন বলেৰ' পিকাপত ৮ টাকৈ গৰু ডিব্ৰুগড় দিশৰ পৰা নগাঁৱলৈ নিয়া সময়তে মৰাণৰ খটখটিত স্থানীয় ৰাইজৰ সহযোগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিষদৰ কৰ্মী সকলে জব্দ কৰি মৰাণহাট আৰক্ষী থানাক গটাই দিয়ে ।

A_Moran_Illegal_cow_car_seized_img_As10031
মৰাণত গৰু ভৰ্তি বাহন জব্দ

আনহাতে, গৰু কঢ়িয়াই অনা বাহনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে গৰুৰ কোনো ধৰণৰ নথি পত্ৰ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে । মুঠৰ ওপৰত সোণোৱাল চৰকাৰে অবৈধ গৰু সৰবৰাহ বন্ধ কৰা বুলি ঘোষণা কৰিলেও মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে পাৰ হৈছে অবৈধ গৰু ভৰ্তি বাহন ৷

লগতে পঢ়ক-বিটিচিত এতিয়া ভাৰতীয় জনতা পাৰ্টী গুচি বড়ো জাতীয় পাৰ্টী হৈ পৰিছেঃ নৱ কুমাৰ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.