Compensation for Moina Nayak: শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ

author img

By

Published : Jul 30, 2022, 8:34 AM IST

lepetkata-tea-garden-unable-to-compensate-moina-nayak

ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে CTC মেচিনত সোমাই মূৰত গুৰুতৰভাৱে আঘতপ্ৰাপ্ত হোৱা মইনা নায়কক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল লক্ষ্মী টি গ্ৰুপৰ অধীনত থকা লেপেটকটা চাহ বাগিচাক (Compensation for Moina Nayak) ৷ কিন্তু শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ ।

ডিব্ৰুগড়, 30 জুলাই: ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মইনা নায়কৰ উন্নত চিকিৎসা তথা প্ৰাপ্যৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে প্ৰতিবাদ (Dibrugarh Tea garden accident)। ইফালে, এই ঘটনাক লৈ মইনা নায়কে কাম কৰা লক্ষ্মী টি গ্ৰুপ কোম্পানীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ শ্ৰম বিভাগ ৷ ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে কৰ্মৰত অৱস্থাত CTC মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মইনা নায়কক ক্ষতিপূৰণ হিচাপে তিনি দিনৰ ভিতৰত ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা আদায় দিবলৈ নিৰ্দেশ দিছিল লক্ষ্মী টি গ্ৰুপৰ অধীনত থকা লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষক (Compensation for Moina Nayak) ৷

lepetkata-tea-garden-unable-to-compensate-moina-nayak
শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ

কিন্তু শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ । কিয়নো যোৱা ২২ জুলাইতে ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত পূণ্য প্ৰসাদ বাস্তলাই মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছিল যদিও বৰ্তমানলৈ ক্ষতিপূৰণ আদায় দিয়া নাই চাহ বাগিছা কৰ্তৃপক্ষই (Lakshmi Tea Group not followed directive of Labor Commissioner) ।

এই সন্দৰ্ভত লেপেটকটা চাহ বাগিচাৰ পৰিচালক ইমদাদুল হকে জিলাৰ সহকাৰী শ্ৰম আয়ুক্তলৈ লিখা পত্ৰখনত মইনাক ক্ষতিপূৰণ আদায়ত অপৰাগত বুলি প্ৰকাশ কৰিছে (Lepetkata tea garden authorities unable to compensate Moina Nayak)। পত্ৰখনত উল্লেখ কৰা মতে, সহকাৰী শ্ৰম আয়ুক্তই মইনাৰ ক্ষতিপূৰণৰ বাবে নিৰ্ধাৰণ কৰা ১৩ লাখ ৩৪ হাজাৰ টকা আদায় দিয়াত সক্ষম নহয় লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষ ।

শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ

"গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মইনাৰ চিকিৎসা চলি থকাৰ সময়ত ক্ষতিপূৰণ আদায় কৰিবলৈ নিৰ্দেশ জাৰি কৰিব নালাগিছিল । ইতিমধ্যে লেপেটকটা চাহ বাগিচাৰ তৰফৰ পৰা মইনাৰ চিকিৎসাকে ধৰি আন সকলো ধৰণৰ আনুসংগিক ব্যৱস্থা গ্ৰহণ কৰিছে । আমি লেপেটকটা চাহ বাগিচা দায়বদ্ধ হৈছো যে, মইনা নায়ক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পাছত প্ৰাপ্য ক্ষতিপূৰণ আদায় কৰা হ'ব ।" এইদৰে উল্লেখ কৰি ডিব্ৰুগড় জিলা সহকাৰী শ্ৰম আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষই ৷ চাহ বাগিছখনে প্ৰেৰণ কৰা পত্ৰখনক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

উল্লেখ্য যে, বিগত ১৯ জুলাইত ডিব্ৰুগড় জিলাৰ লক্ষ্মী চাহ কোম্পানীৰ অন্তৰ্গত লেপেটকটা চাহ বাগিছাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক বাগিছাৰ কলঘৰৰ CTC মেচিনত সোমাই মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল (Tea worker Maina Nayak injured)। সম্প্ৰতি GMCH ত চিকিৎসাধীন মইনা নায়ক ৷

লগতে পঢ়ক: Compensation to Maina Nayak: মইনা নায়কক দিব লাগিব ১৩ লাখ টকাৰ ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.