ETV Bharat / state

Erosion in chabua: কাতি বিহু পালনৰ পৰা বঞ্চিত চাবুৱাৰ কৃষক ৰাইজ

author img

By

Published : Oct 19, 2022, 8:12 AM IST

kati bihu celebrated in chabua
Erosion in chabua: কাতি বিহু পালনৰ পৰা বঞ্চিত চাবুৱাৰ কৃষক ৰাইজ

ৰাজ্যত কাতি বিহুৰ দিনটোত ধাননি পথাৰ, বাৰী, ভঁৰাল আদিত চাকি-বন্তি জ্বলাই আই লক্ষ্মীক পথাৰে-ভঁৰালে স্থিতি ল’বলৈ সেৱা জনায় যদিও বিপৰীত দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল (Kati bihu 2022)৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দুৰ্ভগীয়া খেতিয়কে খেতিপথাৰৰ পৰিৱৰ্তে বন্তি জ্বলালে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ৷

ডিব্ৰুগড়, 19 অক্টোবৰ: অসমীয়াৰ বাপতি-সাহোন কাতি বিহুক লৈ মংগলবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হ'ল যদিও জাতীয় উৎসৱটিৰ কোনো প্ৰভাৱ নপৰিল ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কিছু কিছু অঞ্চলত৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰি বিধানসভা সমষ্টিটোৰ ৰাইডাং, পুখুৰীজান গাঁৱৰ কৃষকসকলে কাতি বিহুৰ দিনটোত শস্য-শ্যামলা, ফলে-ফুলে নদন-বদন খেতিপথাৰৰ কামনাৰে আকাশবন্তি জ্বলোৱাৰ বিপৰীতে অৱশিষ্ট মাটিখিনি গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ পাৰত চাকি জ্বলাবলগীয়া হৈছে ভুক্তভোগী ৰাইজে(Kati bihu 2022)৷

Erosion in chabua: কাতি বিহু পালনৰ পৰা বঞ্চিত চাবুৱাৰ কৃষক ৰাইজ

চাবুৱা বিধানসভা সমষ্টিৰ ৰাইডাঙৰ ৪০টা পৰিয়ালে ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ এতিয়া কাঢ়িবলগীয়া হৈছে হা-হুমুনিয়াহ(Chabua Legislative Constituency) । মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গ'ল ৰাইডাঙৰ কৃষকৰ কৃষিভূমি ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিলে তেওঁলোকৰ মৰমৰ কৃষিভূমিডৰা । যাৰ বাবে এতিয়া খেতিয়কসকলে অনাকাংশিত ভৱিষ্যতৰ চিন্তাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

পূৰ্বে যি দৰে সপোনৰ কৃষিডৰাত এগছি চাকি জ্বলাই কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিছিল সেইকণৰ পৰা বঞ্চিত হ'ল সমষ্টিটোৰ কৃষক ৰাইজ । উল্লেখযোগ্য যে বহু বছৰ ধৰি চাবুৱাৰ ৰাইডাং, পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া হৈছিল যদিও চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ কোনো ধৰণৰ ব্যৱস্থা নকৰাত এইসকল লোকে এতিয়া ঘৰ- মাটি-ভেঁটি হেৰুৱাই সৰ্বস্বান্ত হ'বলগীয়া হৈছে(Erosion in chabua) । কেইবাটাও দিনৰ পূৰ্বে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika in chabua) উক্ত স্থানলৈ আহি গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে স্থায়ী সমাধানৰ আশ্বাস দিছিল যদিও প্ৰতিশ্ৰুতিয়ে কেতিয়া বাস্তৱৰূপ লাভ কৰিব সেয়া বৰ্তমানেও অনিশ্চিত ৷

মংগলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ বহুকেইটা স্থানত ৰাজ্যৰ কৃষি বিভাগে কাতি বিহু অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছিল তেনে সময়ত অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি চহা কৃষক ৰাইজে পালনৰ পৰা বঞ্চিত হোৱা মৰ্মান্তিক দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যৰ সচেতন মহলত ৷ চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ ফলত গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা এইসকল চহা ৰাইজৰ মৰ্মবেদনা ৰজাঘৰে উপলব্ধি কৰিব পাৰিবনে ?

লগতে পঢ়ক: Protest in Gauripur: ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.