ETV Bharat / state

আজিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:12 PM IST

inter university badminton competition at DU
আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত

দেশৰ ৬৫ খন বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা । প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা

ডিব্ৰুগড়, ১২ ডিচেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰখনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তাৰেই প্ৰতিফলন ঘটাই মঙলবাৰৰ পৰা দেশৰ ৬৫ খন বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ।

সৰ্বভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ অধীনত দেশৰ ৬৫ খন বিশ্ববিদ্যালয়ৰ ৫০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদকপ্রাপ্ত খেলুৱৈয়ে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উদ্বোধনী অনুষ্ঠানত পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে ১২ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, ছত্তীশগড়, বিহাৰকে আদি কৰি উক্ত ৰাজ্যসমূহৰ ৬৫ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১নং খেলপথাৰ আৰু মিলন নগৰ বহুমুখী ক্ৰীড়া প্ৰকল্প খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

৬৫ খন বিশ্ববিদ্যালয়ৰ খেলুৱৈসকল যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে ।

আনহাতে, প্ৰতিযোগিতা উদ্বোধন কৰি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক সুনাম আছে । এনে ধৰণৰ এক প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ শলাগ লোৱাৰ লগতে বিশ্ববিদ্য়ালয় পৰিয়াল তথা খেলুৱৈসকলক শুভেচ্ছা জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে এই বিশ্ব এক ক্ৰীড়াংগন বুলি ভূপেন হাজৰিকাৰ গীতৰ কলি উল্লেখ কৰি ক্ৰীড়াৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হোৱাৰো কামনা কৰে ।

লগতে পঢ়ক :প্ৰহসনত শান্তি চুক্তি: মূলসূঁতিলৈ অহা উগ্ৰপন্থী সংগঠনক প্ৰতাৰণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.