অসম আৰক্ষীৰ পৰীক্ষাত উজলিল কনক

author img

By

Published : Sep 18, 2022, 2:22 PM IST

Assam Police Recruitment 2022

উৰুখা চালৰ তলত দিন কটাই আজি উজলি উঠিল ডিব্ৰুগড়ৰ বকপৰা গাঁৱৰ যুৱক কনক ফুকন । আজি পুৱা ঘোষণা কৰা অসম আৰক্ষীৰ পৰীক্ষাত (Assam Police Recruitment 2022) উত্তীৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কনকে ৷ কনকৰ এই আনন্দত এতিয়া আত্মহাৰা হৈ পৰিছে তেওঁৰ মাতৃ ৷

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ : কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে মানুহে কঠিন কামো সহজে কৰিব পাৰে য তাৰে উদাহৰণ কনক ফুকন ৷ দেওবাৰে পুৱা ঘোষণা কৰা অসম আৰক্ষী কনিষ্টবলৰ পৰীক্ষাত (Assam Police Recruitment 2022) উজলিল ডিব্ৰুগড়ৰ বকপৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক কনক ফুকন ।

অসম আৰক্ষীৰ পৰীক্ষাত উজলিল কনক

উৰুখা চালৰ তলত দিন কটাই অতি কষ্টৰে পঢ়া-শুনা আৰু শাৰীৰিক অনুশীলন চলোৱা যুৱকজনৰ এনে সফলতাত পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে (ideal youth of Dibrugarh)। উল্লেখ্য যে, বিদ্যালয়ৰ মুখ নেদেখা পিতৃ সুনীল ফুকন আৰু মাতৃ হীৰাবতী ফুকনে শাক-পাচলি বিক্ৰী কৰি কনকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ তৃতীয় ষাণ্মাসিকত পঢ়াই আছে ।

উচ্চ শিক্ষিত যুৱকজনে কনিষ্টবলত নিযুক্তি লাভ কৰাত আবেগত আনন্দাশ্ৰু নিগৰিছে পুত্ৰ-মাতৃয়ে ।

সম্পূৰ্ণ নিকা আৰু স্বচ্চতাৰ মাজত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এনে পৰীক্ষাত নিজকে যোগ্যতা অৰ্জন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে নতুন প্ৰজন্মক এনে পদৰ বাবে আগ্ৰহী হ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.