ETV Bharat / state

মুখ্যমন্ত্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান

author img

By

Published : Jan 16, 2021, 4:01 PM IST

দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে এই অভিযানৰ আৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰথম পৰ্যায়ত ডিব্ৰুগড়লৈ 5990 টা প্ৰতিষেধক ৷ ডিব্ৰুগড় জিলাৰ 4,220 গৰাকী ৰাজ্যিক স্বাস্থ্য কৰ্মীৰ লগতে 220 গৰাকী কেন্দ্ৰীয় স্বাস্থ্য কৰ্মী আৰু 140 গৰাকী সেনা জোৱানক সামৰি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য ৷

cm sarbananda sonowal formally inaugurated covid vaccination drive
cm sarbananda sonowal formally inaugurated covid vaccination drive

মৰাণ,16 জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱা ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে ৷

অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

শুকুৰবাৰে স্বাস্থ্য বিভাগৰ তত্বাৱধানত উজনি অসমৰ আটাইকেইখন জিলাৰ বাবে ডিব্ৰুগড়লৈ ক'ভিশ্বিল্ড প্ৰতিষেধক অনাৰ পাছতে ডিব্ৰুগড়ৰ পৰা উজনি অসমৰ প্ৰায় আটাইকেইখন জিলা ক্ৰমে যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, লক্ষিমপুৰ আৰু ধেমাজিলৈ প্ৰতিষেধকসমূহ প্ৰেৰণ কৰা হয় ৷ অৱশেষত শনিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু বৰবৰুৱা উপস্বাস্থ্য কেন্দ্ৰত এই ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰাদান কৰা হয় ৷

জানিব পৰা মতে, প্ৰথম পৰ্যায়ত ডিব্ৰুগড় জিলাৰ 4,220 গৰাকী ৰাজ্যিক স্বাস্থ্য কৰ্মীৰ লগতে 220 গৰাকী কেন্দ্ৰীয় স্বাস্থ্য কৰ্মী আৰু 140 গৰাকী সেনা জোৱানক সামৰি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে ৷ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে শনিবাৰৰ দিনটোত 7 গৰাকী চিকিৎসকৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ত 100 গৰাকী আৰু বৰবৰুৱাত 100 গৰাকী লোকক এই প্ৰতিষেধক প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ডিব্ৰুগড়লৈ 5990 টা প্ৰতিষেধক আহিছে আৰু অসম চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই অভিযান উদ্বোধন কৰাৰ পাছতে ডিব্ৰুগড়ত প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হয় ৷ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কাকতি, বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু প্ৰশান্ত ফুকন উপস্থিত থাকে ৷

লগতে পঢ়ক:12 গৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰতিষেধক প্ৰদান জি এম চি এইছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.