ETV Bharat / state

Assam Police Recruitment: ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত ধুবুৰীত দুজনক আটক

author img

By

Published : Oct 21, 2022, 7:38 PM IST

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গৈ কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ গোচৰৰ গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন ৷ ধুবুৰীতো এজন প্ৰাৰ্থীৰ লগতে প্ৰমাণপত্ৰ জালিয়াতি কৰা কম্পিউটাৰ চেণ্টাৰৰ এগৰাকী প্ৰশিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে (Fake Computer diploma certificate case Assam) ৷

Fake Computer diploma certificate case Assam
ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত ধুবুৰীত দুজনক আটক

ধুবুৰী, 21 অক্টোবৰ : ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণপত্ৰৰে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত(Assam Police Recruitment) অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা ধুবুৰীৰ আন এগৰাকী প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে একাংশ প্ৰাৰ্থীক ভুৱা চাৰ্টিফিকেট যোগান ধৰাৰ অভিযোগত কম্পিউটাৰ চেণ্টাৰৰ এগৰাকী প্ৰশিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ একাংশ প্ৰাৰ্থী অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমানপত্ৰৰে অৱতীৰ্ণ হোৱা বুলি নিশ্চিত হোৱাৰ পিছত চিআইডিয়ে এক গোচৰ ৰুজু কৰে (Fake Computer diploma certificate case Assam)। উক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে ধুবুৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো প্ৰাৰ্থীক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে নিশা ধুবুৰী আৰক্ষীৰ জৰিয়তে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ৰৌৱা তৃতীয় খণ্ড গাঁৱৰ মিৰ্জা গালিব নামৰ এজন প্ৰাৰ্থী আৰু কম্পিউটাৰ প্ৰশিক্ষক ৰাজু ঠাকুৰক গ্ৰেপ্তাৰ কৰে (Candidate arrested in Dhubri)।

ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত ধুবুৰীত দুজনক আটক

অৱশ্যে এই সংক্ৰান্তত চিআইডি অথবা ধুবুৰী আৰক্ষীয়ে এতিয়ালৈ আনুষ্ঠানিকভাৱে একো সদৰী কৰা নাই যদিও ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই মিৰ্জা গালিব নামৰ প্ৰাৰ্থীজনে ভুৱা প্ৰমাণপত্ৰ জমা দিয়া বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিয়ে । প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে, ধুবুৰী চহৰৰ এ কে আজাদ ৰোডৰ আই টি এক্স নামৰ এটা কম্পিউটাৰ চেণ্টাৰৰ পৰা উক্ত ভুৱা প্ৰমাণপত্ৰখন সংগ্ৰহ কৰিছিল ।

আনপিনে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধুবুৰী চহৰৰ ১২ নং ৱাৰ্ডৰ ৰাজু ঠাকুৰ নামৰ কম্পিউটাৰ প্ৰশিক্ষক এগৰাকীয়ে দিলদাৰ আলী নামৰ আন এগৰাকী প্ৰাৰ্থীকো প্ৰমাণপত্ৰ যোগান ধৰা বুলিও চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মুখত । লগতে তেওঁ সুদীৰ্ঘ সাত বছৰ কাল শিক্ষকতা কৰা ধুবুৰী কম্পু ছফ্ট একাডেমী নামৰ প্ৰতিষ্ঠানটোৰ পৰাই উক্ত প্ৰমাণপত্ৰখন যোগান ধৰা হৈছিল বুলি উল্লেখ কৰে ।

ইপিনে এই সন্দৰ্ভত কম্পু ছফ্ট একাডেমীৰ(Compusoft Computer Academy in Dhubri ) স্বত্বাধিকাৰী হিৰেন্ময় চক্ৰৱৰ্তীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত প্ৰশিক্ষক ৰাজু ঠাকুৰৰ অভিযোগ অস্বীকাৰ কৰি তেওঁৰ চহী জাল কৰি ৰাজু ঠাকুৰে দিলদাৰ আলীক এখন ভুৱা চাৰ্টিফিকেট যোগান ধৰিছিল বুলি দাবী কৰে । কিছুদিন পূৰ্বে চি আই ডিৰ এগৰাকী বিষয়াই কম্পু ছফ্ট একাডেমীত উপস্থিত হৈ তদন্ত কৰাৰ পিছতেই ভুৱা প্ৰমাণপত্ৰ যোগানৰ তথ্য পোহৰলৈ আহে ।

তাৰ পিছতেই হিৰেন্ময় চক্ৰৱৰ্তীয়ে ৰাজু ঠাকুৰৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত দাখিল দাখিল কৰিছিল এখন এজাহাৰ । তাৰোপৰি ৰাজু ঠাকুৰক চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি জনায় স্বত্বাধিকাৰী হিৰেন্ময় চক্ৰৱৰ্তীয়ে । আনহাতে চি আই ডিয়ে ইতিমধ্যে তেওঁক গুৱাহাটী কাৰ্যালয়লৈ মাতি নি তিনিবাৰকৈ জেৰা কৰিছে বুলিও উল্লেখ কৰে চক্ৰৱৰ্তীয়ে । এনে সময়তে বৃহস্পতিবাৰৰ নিশা প্ৰাৰ্থী আৰু প্ৰশিক্ষকক ধুবুৰী আৰক্ষীয়ে কৰায়ত্ব কৰি চিআইডিক গতাই দিয়া বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, এই ঘটনাই ধুবুৰীকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা বিভিন্ন কম্পিউটাৰ চেন্টাৰ আৰু ইন্টাৰনেট কাফেবোৰত ভিতৰুৱাভাৱে চলি থকা অবৈধ কৰ্মকাণ্ডৰ স্পষ্ট ছবি পোহৰলৈ আহিছে । এইক্ষেত্ৰত প্ৰশাসনিক নিয়ন্ত্ৰণ আছে নে নাই সেই প্ৰশ্নও উত্থাপিত হৈছে সচেতন মহলত ।

সমান্তৰালকৈ বিষয়টো লৈ ভালদৰে খৰচি মাৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে মাটি খান্দোতে কেঁচুৰ ঠাইত সাপ ওলোৱাৰ সম্ভাৱনাও নুই কৰা নাই ধুবুৰীৰ একাংশ লোকে । আনপিনে যদি কম্পিউটাৰ প্ৰশিক্ষক ৰাজু ঠাকুৰৰ অভিযোগ সঁচা হয় তেন্তে গ্ৰেপ্তাৰ হ’ব পাৰে কম্পু ছফ্ট একাডেমীৰ স্বত্বাধিকাৰী হিৰেন্ময় চক্ৰৱৰ্তী । ইফালে প্ৰাৰ্থী মিৰ্জা গালিবে ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰা আই টি এক্স নামৰ কোনো কম্পিউটাৰ চেণ্টাৰ ধুবুৰীত আছে নে নাই সেই তথ্যও এই মুহূৰ্তলৈ স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : Raid in Dibrugarh DTO House: ডিব্ৰুগড়ত উজান উঠিছে অচল-সচল টকাৰ, অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.