ETV Bharat / state

ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত উত্তেজনা, ৰাইজে এসেকা দিলে মাটিৰ দালালক

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 9:25 AM IST

Updated : Dec 5, 2023, 10:18 AM IST

সোমবাৰে ধুবুৰী চক্ৰ বিষয়া কাৰ্যলয়ৰ সন্মুখত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ মাটিৰ দালালক ৰাইজে দিলে লপা-থপা ৷

Tense situation in Dhubri
ধুবুৰী চক্ৰ বিষয়া কাৰ্যলয় চৌহদত উত্তেজনা

ধুবুৰী, 5 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । কিন্তু বৰ্তমানেও ধুবুৰী আৰু গৌৰীপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ ৰাজত্ব চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । তেনে এক অভিযোগৰ ভিত্তিত সোমবাৰে একাংশ ভুক্তভোগী ৰাইজে এজন দালালক আটক কৰি ৰাজপথতে লপা-থপা দিয়ে ৷

অভিযোগ অনুসৰি, ধুবুৰীৰ কাইম ভাচানিৰ চৰ অঞ্চলৰ মাহাদুৰ হুছেইন নামৰ এজন লোকৰ 444 নং পাট্টাৰ 707, 715 আৰু 774 নং দাগৰ ভূমি চৰকাৰী ভূমি হিচাপে বনাই দিয়া হ’ল । তদুপৰি, অঞ্চলটোৰ এডোখৰ চৰকাৰী ভূমিত বৈধভাৱে দখল কৰি থকা লোকৰ ভূমি আনলোকৰ নামত ভূমিৰ পট্টা আৰু নামজাৰী কৰি দিয়া হ’ল অতি গোপনে ।

এই খবৰ পোৱাৰ পিচতেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তেনে অৱস্থাতেই সোমবাৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত মিছিৰ উদ্দিন নামৰ এজন দালালক ধৰি ৰাইজে লপা-থপা দিয়ে । কাৰণ দালাল মিছিৰ উদ্দিনে ৰাইজৰ চকুত ধূলি মাৰি দালালি কৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ।

এই সন্দৰ্ভত ৰাইজে কয় যে, 90 হাজাৰ টকাৰ বিনিময়ত চৰকাৰী মাটি একাংশৰ নামত নাম জাৰি কৰাৰ লগতে পট্টা থকা মাটি চৰকাৰী খাচ দেখুৱাই আহিছে দাদালজনে ৷ মোটা অংকৰ বিনিময়ত একাংশ দালালে লাট মণ্ডলৰ সৈতে মিলি মাটিৰ বিভিন্ন কামৰ নামত মাটিৰ গৰাকীক চৰম হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ যাৰ বাবে সোমবাৰে ধুবুৰী চক্ৰ বিষয়া কাৰ্যলয়ৰ সন্মুখত সৃষ্টি হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ ইফালে ঘটনাস্থলীত ধুুবুৰী আৰক্ষী উপস্থিত হৈ মিছিৰ উদ্দিন নামৰ মাটিৰ দালালটোক আটক কৰে ৷

লগতে পঢ়ক : চিপ লৈ আত্মহত্য়া দম্পতীৰ

Last Updated : Dec 5, 2023, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.