Work culture of Govt Office: চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে নাজানে নিজৰ কাৰ্যালয়ৰ নাম !

author img

By

Published : Jan 21, 2023, 10:13 AM IST

No employees in Dhubri Govt office

উদং চকীৰ মাজত ৰেক আৰু টেবুলত দ’মে দ’মে বিভিন্ন ফাইল থকা এটা চৰকাৰী কাৰ্যালয় ৷ চৰকাৰী দৰমহা ভোগ কৰিও নাই কামৰ প্ৰতি আগ্ৰহ ৷ আনহে নালাগে, নিজৰ কাৰ্যালয়ৰ নামেই নাজানে বিষয়া কৰ্মচাৰীয়ে(Work culture of Govt Office) ৷ পিছে ক’ত আছে এই কাৰ্যালয়টো ?

চৰকাৰী কাৰ্যালয়ত নাই চৰকাৰী কৰ্মচাৰী

ধুবুৰী, 21 জানুৱাৰী : বিহুৰ বন্ধ কেতিয়াবাই শেষ হ’ল । কিন্তু বন্ধ পাৰ হ’লে কি হ’ব ? ৰাজ্যত বৰ্তমান প্ৰচণ্ড ঠাণ্ডা । সেয়ে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ত ন বজাlতো বাদেই দিয়ক ৷ দিনৰ 11/12 বজালৈকেও কাৰ্যালয়লৈ আহি থাকে বিষয়া কৰ্মচাৰী । তাৰে একাংশই আকৌ নাজানে নিজৰেই কাৰ্যালয়ৰ নাম । আনহে নালাগে নাজানে নিজ কাৰ্যালয়ৰ বিষয়াৰ নাম ।

এই নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে ধুবুৰীত ৷ ধুবুৰী সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ (Dhubri Social Welfare Office) নিচেই কাষতেই অৱস্থিত বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত ভৰ দুপৰীয়ালৈকে নাই চৰকাৰী কৰ্মচাৰী (No employees in Dhubri Govt office) ৷ উদং চকী চাই চায়ে সময় পাৰ কৰিলে আমাৰ সাংবাদিকে ৷ অৱশেষত বহু অপেক্ষাৰ অন্তত এজন এজনকৈ আহিল কৰ্মচাৰীও ৷

বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনে কৰ্ম প্ৰণালীৰ নমুনাই এতিয়া চকু কপালত তুলিছে সচেতন মহলক । জানিব পৰা মতে, বীৰসিং জৰুৱা সংসদ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত মুঠ 9 গৰাকী বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে ।

কিন্তু সময়মতেহে কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী । অৱশ্যে এই অভিযোগ আজি বা কালিৰ নহয় ৷ এই কাৰ্যালয়টোৰ বিৰুদ্ধে দীর্ঘ দিন ধৰি উত্থাপন হৈ আহিছে এই অভিযোগ । অভিযোগ অনুসৰি, ঘৰত বহিয়েই চৰকাৰী দৰমহা ভোগ কৰি থাকে একাংশ বিষয়া কৰ্মচাৰীয়ে ৷

ফলত টেবুল আৰু ৰেকত দমে দমে পৰি আছে বিভিন্ন কামৰ গুৰুত্বপূৰ্ণ ফাইল । যাক লৈ তিলমানো কাণষাৰ নাই বিভাগীয় কৰ্মচাৰীৰ ৷ ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কাৰ্যালয়ক উন্নত কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে ৷ আনকি দায়িত্বহীন কৰ্মচাৰীক নাকী লগাবলৈ হুংকাৰো প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কিন্তু মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিজৰ খিয়াল-সূচী মতেই কাম কৰি আছে ৰাজ্যৰ একাংশ কৰ্মচাৰীয়ে ৷ কাৰ আৰ্শীবাদত এনে চৰকাৰী কৰ্মচাৰী নিয়োজিত হৈ আছে ? সেই লৈয়ো এতিয়া ৰহস্য ঘনিভূত হৈছে ৷ এই ক্ষেত্ৰত ধুবুৰী সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাৰ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰো অভিযোগ উঠিছে ।

ইপিনে শুকুৰবাৰে ধুবুৰীত উপস্থিত হোৱা বিত্ত আৰু সমাজকল্যাণ মন্ত্ৰী অজন্তা নেওগক এই সন্দৰ্ভত অৱগত কৰাত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে তথ্য পালে উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : Ajanta Neog in Dhubri; 2024 ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি : অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.