ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে পূৱ-বিলাসীপাৰত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 10:34 PM IST

শনিবাৰে পূৱ-বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

kmss and smss protest aginast price high
মূল্য বৃদ্ধিৰ বিৰুদ্ধে পূৱ-বিলাসীপাৰত কৃষক মুক্তিৰ প্ৰতিবাদ

পূৱ বিলাসীপাৰা,7নৱেম্বৰঃ ৰাজ্যত দিনক দিনে ভয়াৱহ ভাৱে বৃদ্ধি পাইছে আলু-পিয়াজকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। এক প্ৰকাৰৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্য যোগান বিভাগ ৷ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিভিন্ন দল সংগঠনে ৷ তাৰমাজতে শনিবাৰে পূৱ-বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

মূল্য বৃদ্ধিৰ বিৰুদ্ধে পূৱ-বিলাসীপাৰত কৃষক মুক্তিৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, যি সময়ত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলা ক’লা খোৱাইছে সেই সময়তে শাসনাধিষ্ঠ বিজেপি চৰকাৰে মিঞা মিউজিয়াম আৰু জিন্দাবাদ, মুৰ্দাবাদৰ নিকৃষ্ট ৰাজনীতি কৰাহে পৰিলক্ষিত হোৱা বুলি অভিযোগ তুলিছে কৃষক মুক্তিয়ে। প্ৰতিবাদকাৰীয়ে সকলে লগতে কয় যে, জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে বৰ্তমান জাতি-মাটি ভেটিৰ কথা পাহৰি ধৰ্মীয় ৰাজনীতিত ব্যস্ত হৈছে। আনফালে মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰো পদত্যাগ দাবী কৰে সংগঠনটোৱে।

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচাত আছু- যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.