ETV Bharat / state

ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jan 23, 2021, 10:14 PM IST

ধুবুৰীত নকল সোণ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল আশ্ৰাফুল আলী নামৰ এজন যুৱক । ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ১ কিঃগ্ৰাঃ নকল সোণ ।

ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ এজনক গ্ৰেপ্তাৰ
ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ এজনক গ্ৰেপ্তাৰ

ধুবুৰী, ২৩ জানুৱাৰী: ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত জব্দ হ'ল প্ৰায় ১ কিঃগ্ৰাঃ নকল সোণ । গৌৰীপুৰ বজাৰৰ পৰা এটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰীটোৰ নাম আশ্ৰাফুল আলী । আশ্রফুলয়ে গৌৰীপুৰৰ ডাংগীৰ চৰৰ মনু নামৰ লোক এজনৰ পৰা নকল সোণখিনি ছাইফুল আলী নামৰ এজন লোকক দিবলৈ লৈ আহিছিল । এই নকল সোণখিনি সৰবৰাহ কৰাৰ বাবে ৫০ হাজাৰ টকা দিয়া হৈছিল বুলিও আশ্ৰাফুলে স্বীকাৰোক্তি দিয়ে ।

ধুবুৰীৰ গৌৰীপুৰত নকল সোণসহ এজনক গ্ৰেপ্তাৰ

গৌৰীপুৰ থানাৰ দায়িত্বত থকা আৰক্ষী বিষয়া হিমাক্ষী নাথে কয় যে, আশ্ৰাফুল আলীৰ পৰা আৰক্ষীয়ে ৯১০ গ্ৰাম নকল সোণ জব্দ কৰিছে । এই সন্দৰ্ভত যুৱকজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । লগতে নকল সোণৰ ব্যৱসায়ৰ আঁৰৰ চক্ৰ উৎখাত কৰাৰ বাবেও গৌৰীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে । আশ্ৰাফুলে জনোৱা মতে, মনু নামৰ লোকজন আশ্ৰাফুলৰ সম্পৰ্কীয় খুৰা আৰু মনুৱে দীৰ্ঘদিন ধৰি এই নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ।

লগতে পঢ়ক:তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.