Protest in Dhubri: বকেয়া মোকলাই দিয়াৰ দাবীত ধুবুৰী পৌৰসভা কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 26, 2022, 9:47 AM IST

Dhubri Municipality employees protest against Assam Govt

বিনা বেতনে অৱসৰ লোৱা আচলাম, সমসেৰ, মঙলৰ পৰিয়াললৈ নামিছে ঘোৰ অমানিশা ৷ 27-28 মাহে দৰমহা পোৱা নাই ধুবুৰী পৌৰসভা কৰ্মচাৰীসকলে ৷ যাৰ বিৰোধিতাৰে ধুবুৰী পৌৰসভা কৰ্মচাৰীসকলে ৰূপায়ন কৰে এক প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচীৰ (Protest in Dhubri) ৷

ধুবুৰী, 26 নৱেম্বৰ : এমাহ বা দুমাহ নহয়, সুদীৰ্ঘ প্ৰায় আঢ়ৈটা বছৰে দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিছে ধুবুৰী পৌৰসভাৰ কৰ্মচাৰীসকল (Dhubri Municipality employees) । ধুবুৰী পৌৰসভাত কৰ্মৰত কৰ্মচাৰীসকলৰ ভিতৰত চৰকাৰীকৰণ কৰা 40 গৰাকী কৰ্মচাৰীৰ লগতে ঠিকা ভিত্তিক কৰ্মচাৰী আছে 17 গৰাকী ৷ তাৰোপৰি পৌৰসভাখনত চাফাই কৰ্মী আছে মুঠ 140 গৰাকী ।

সৰ্বমুঠ 197 গৰাকী কৰ্মচাৰীৰ ভিতৰত অধিকাংশ কৰ্মচাৰীয়ে বিগত প্ৰায় 27-28 মাহে মাহেকীয়া দৰমহাৰ পৰা বঞ্চিত হৈ আছে । আনকি দীৰ্ঘ দিনে বকেয়া দৰমহাৰ দাবীত পৌৰ কৰ্মচাৰীসকলে বিভিন্ন সময়ত বহু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (Protest in Dhubri)৷ কিন্তু চৰকাৰে কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

যাৰ ফলশ্ৰুতিত শুকুৰবাৰে পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী পৌৰসভাৰ কৰ্মচাৰীসকলেও ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচীৰ (Dhubri Municipality employees protest against Assam Govt) ৷ পুৱা প্ৰায় 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ৰূপায়ন কৰা এই সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল’গান দি (Protest against Assam Govt) প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷

বকেয়া মোকলাই দিয়াৰ দাবীত ধুবুৰী পৌৰসভা কৰ্মচাৰীৰ প্ৰতিবাদ

লগতে পঢ়ক : Municipality workers protest: মন্ত্ৰী যোগেন মহনৰ গৃহ চহৰত দৰমহা নাপাই পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ইপিনে দুবছৰ পূৰ্বে সমসেৰ আলী নামৰ এজন কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ লয় যদিও আজিলৈকে বকেয়া 8 মাহৰ দৰমহা লাভ কৰা নাই । কেৱল সমসেৰ আলীয়ে নহয়, এনে কেবাগৰাকী চৰকাৰী কৰ্মচাৰীয়ে একপ্ৰকাৰ বিনা বেতনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

ফলত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ধুবুৰী পৌৰসভাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কেইগৰাকীয়ে ৷ সেয়ে চৰকাৰে শীঘ্ৰে বাকী থকা বকেয়াকে ধৰি দৰমহা মোকোলাই দিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে ৷

নহ’লে অনাগত দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰো এক প্ৰকাৰে সকীয়নি প্ৰদান কৰে ধুবুৰী পৌৰসভাৰ প্ৰতিবাদী কৰ্মচাৰীসকলে ।

লগতে পঢ়ক : AAP protest in Guwahati : খোৱাপানী বিচাৰি মহানগৰীত আপৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.