ETV Bharat / state

Protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 27, 2023, 5:20 PM IST

Congress protest in Dhubri
ধুবুৰীত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

ত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ কংগ্ৰেছৰ । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত উত্তাল ধুবুৰী ।

ধুবুৰীত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

ধুবুৰী, ২৭ জুলাই:ৰাজ্য়ত মূল্যবৃদ্ধিৰ জুইয়ে দহিছে সাধাৰণ ৰাইজক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ পিচতো কাণসাৰ নাই চৰকাৰ অথবা যোগান বিভাগৰ । সেয়েহে চৰকাৰ অথবা যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে নিতৌ প্ৰতিবাদ অব্য়াহত ৰাখিছে । দেশৰ লগতে সমগ্ৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ আন ঠাইৰ সমান্তৰালকৈ বৃহস্পতিবাৰে ধুবুৰীত প্ৰতিবাদ জনায় কংগ্ৰেছে ।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধ আৰু পেট্ৰ'লজাত সামগ্ৰীৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি ঘটাত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কংগ্ৰেছে । ধুবুৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ নেতৃত্বত শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰে । এই প্ৰতিবাদী ৰেলীত বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,যোগান মন্ত্ৰীৰ কাম নাই,পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱন দায়িনী ঔষধ, বিদ্যুতৰ মাচুল আৰু পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে জিলা কংগ্ৰেছে ।

ইপিনে, এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰক মূল্যবৃদ্ধিৰ লগতে আন কেইবাটাও বিষয়ত তীব্র সমালোচনা কৰে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে । এই কাৰ্যসূচীত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীৰ লগতে আব্দুল হামিদ, জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমকে ধৰি শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Powerloom Gamosa:ডিব্ৰুগড়ত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে আছুৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.