ETV Bharat / state

ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Feb 20, 2021, 11:10 AM IST

ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন
ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই বৃদ্ধি পাইছে নিৰ্বাতনী গৰম বতাহ । শাসকীয় বিজেপি দলৰ এতিয়া ব্যাপক তৎপৰতা । বিজেপি ধুবুৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত গৌৰীপুৰত 'পট পৰিৱৰ্তন'ৰ পদযাত্ৰা ।

ধুবুৰী, ২০ ফেব্ৰুৱাৰী: ২১ ৰ বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যৰ চৌদিশে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদান, কা বিৰোধী তীব্ৰ প্ৰতিবাদ আদি অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত শাসকীয় দল বিজেপিৰ শক্তি প্ৰদৰ্শন । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত শাসকীয় দল বিজেপিয়ে প্ৰদৰ্শন কৰে নিজৰ শক্তি । শতাধিক লোকৰ সমাগমেৰে শক্তি প্ৰদৰ্শন বিজেপিৰ ।

ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন
ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত শক্তি প্ৰদৰ্শন বিজেপিৰ । ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত গৌৰীপুৰত বিজেপিয়ে শুকুৰবাৰে উলিয়ায় বিশাল 'পট পৰিৱৰ্তন' নামৰ এক ৰাজনৈতিক পদযাত্ৰা ।

গৌৰীপুৰত পট পৰিৱৰ্তনৰ পদযাত্ৰা
গৌৰীপুৰত পট পৰিৱৰ্তনৰ পদযাত্ৰাগৌৰীপুৰত পট পৰিৱৰ্তনৰ পদযাত্ৰা

উল্লেখ্য যে, বিজেপি চৰকাৰৰ কাৰ্যকালত বিজেপি বিধায়ক থকা সমষ্টিবোৰত যথেষ্ট উন্নতি হৈছে কিন্তু তাৰ সমান্তৰালকৈ এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী গৌৰীপুৰ সমষ্টিত তেনে উন্নয়ন হোৱা নাই বুলি উল্লেখ কৰে ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে । সেয়ে ভোটাৰ ৰাইজৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টিৰ বাবে বিজেপিয়ে 'পট পৰিৱৰ্তন' কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

গৌৰীপুৰত পট পৰিৱৰ্তনৰ পদযাত্ৰা
গৌৰীপুৰত পট পৰিৱৰ্তনৰ পদযাত্ৰা

লগতে সান্যালে কয় যে, সমাগত বিধান সভাৰ নিৰ্বাচনত ধুবুৰী সদৰ, গোলকগঞ্জ আৰু গৌৰীপুৰত বিজেপি দলৰ বিধায়ক নিৰ্বাচিত কৰিবলৈ বিজেপি সম্পূৰ্ণৰূপে সংকল্পবদ্ধ । একেদৰে জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি নিৰ্মল্য পালে বিশাল পদযাত্ৰাৰে বিজেপিৰ শক্তি প্ৰদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এইবেলি গৌৰীপুৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফ উৎখাত হ'বই বুলি দাবী কৰে ।

বিজেপিৰ 'পট পৰিৱৰ্তন' কাৰ্য্যসূচীত প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ লগতে সহস্ৰাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি জিন্দাবাদ ধ্বনিৰে কঁপাই তোলে গৌৰীপুৰৰ আকাশ বতাহ । মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে অব্যাহত থকা প্ৰতিবাদকো নেওচি বিজেপিয়ে প্ৰদৰ্শন কৰে নিজৰ শক্তি ।

লগতে পঢ়ক:আবতৰীয়া দীপাৱলী পাতি মোডীক ধন্যবাদ জনালে মাজুলীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.