ETV Bharat / state

জোনাইত ১৩,৩০৯ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 6:08 PM IST

New ration card distribution: জোনাইত নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ । এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভূৱন পেগু আদিয়ে ।

Anna Suraksha Yojana
অন্ন সুৰক্ষা আঁচনি
অন্ন সুৰক্ষা আঁচনি

জোনাই, ১৭ জানুৱাৰী: অন্ন সুৰক্ষা আঁচনিৰ অধীনত বুধবাৰে জোনাই মিচিং কৃষ্টি ভৱন প্ৰাংগণত ৮০ নং জোনাই সমষ্টিৰ অন্তৰ্গত ১৩,৩০৯ গৰাকী নতুন হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নতুন পৰিৱৰ্তন হৈছে । ৰেচন কাৰ্ড থকাসকলে কাৰ্ডৰ জৰিয়তে চিকিৎসা ব্যয়ৰ বাবদ বছৰত লাভ কৰিব ৫ লাখ টকা । চৰকাৰে ৰাইজৰ বাবে অন্ন সুৰক্ষাৰ আচঁনিৰ কাৰ্ডখন সকলোকে সামৰি লোৱা এখন কাৰ্ড বুলি উল্লেখ কৰি এই কাৰ্ডৰ জৰিয়তে অকল অন্ন সুৰক্ষাই নহয়,উজ্বলা গেছ,আয়ুষ্মান ভাৰত,স্বাস্থ্য বীমা,অৰুণোদয়,পেঞ্চন ইত্যাদি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা এক ডিজিটেল কাৰ্ড বুলিও তেওঁ মন্তব্য় কৰে ।

ইফালে,মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ আচঁনিৰ সফলতা কথা উল্লেখ কৰি এই অন্ন সুৰক্ষা আচঁনিৰ অধীনত ৰেচন কাৰ্ড প্ৰাপকসকলে প্ৰতি মাহৰ ১ পৰা ১০ তাৰিখৰ ভিতৰত চাউল লাভ কৰিব বুলি কয় ৷ মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভৰ পূৰ্বে সভাখনৰ আদৰণি ভাষণ দিয়ে জোনাই মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে ৷ আনহাতে, জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ হিতাধিকাৰীসকললৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠানত স্থানীয় বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰি কয় যে আজিৰ এই কাৰ্যসূচীত সমষ্টিটোৰ মুঠ ৪৬,৯১৫ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ১৩,৩০৯ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । কাৰ্ড বিতৰণ কৰি তেওঁ কয় যে বিনামূলীয়া অন্ন,বিনামূলীয়া স্বাস্থ্য সেৱা,ৰন্ধন গেছ, বিনামূলীয়া শিক্ষা চৰকাৰে ৰাইজৰ দিছে । তদুপৰি আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকা দিয়া হ'ব বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে ।

আজিৰ এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত বিজেপিৰ জিলা সভানেত্ৰী ৰূপা কামান, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সদস্য নৰেশ কুম্বাং, টাকাম মিচিং পৰিন কৌবাঙৰ জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাং প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল, গন্যমান্য ব্যক্তি আৰু ছয় হাজাৰতকৈ অধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক:ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ভীতিগ্ৰস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী: অলকা লাম্বা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.