Land patta distribution in Assam: ধেমাজি আৰু কৰিমগঞ্জত ভূমি পট্টা বিতৰণ

author img

By

Published : Jan 27, 2022, 3:50 PM IST

land patta distribution in Dhemaji And Karimganj

গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ধেমাজি আৰু কৰিমগঞ্জ জিলাত ভূমি পট্টা বিতৰণ কৰা হয়(Land patta distribution in Assam) ৷ মাটি পট্টাৰ বিতৰণ অনুষ্ঠানতেই পাথাৰকান্দি আৰু ৰাতাবাৰীত একেলগে চিভিল চাব ডিভিজন হোৱাৰ কথা জানিবলৈ দিয়ে পাথাৰকান্দিৰ বিধায়ক কৃশেন্দু পালে ৷

ধেমাজি/কৰিমগঞ্জ, 27 জানুৱাৰী : ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত বুধবাৰে গ্ৰাম প্ৰধান নিযুক্তি আৰু ভূমি পট্টা বিতৰণ কৰা হয়(Land patta distribution in Assam) ৷ দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গ্ৰাম প্ৰধান নিযুক্তি আৰু ভূমি পট্টা প্ৰদান সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ ৰাজ্য ৰাজহ মন্ত্ৰী যোগেন মহন(Revenue minister distribute land patta)ৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধেমাজি জিলাখনৰ ১১৫গৰাকী গ্ৰাম প্ৰধানক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ উক্ত সভাতেই ৫৯গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কসহ ৫,১৯৩ গৰাকীক মাটি পট্টা প্ৰদান কৰা হয় ৷

ধেমাজিত ভূমি পট্টা বিতৰণ

সভাত ৰাজহ মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিকভাৱে 15গৰাকীক নতুন গাঁও প্ৰধান আৰু ২০ গৰাকী হিতাধিকাৰীক মাটি পট্টা বিতৰণ কৰে ৷ তদুপৰি ধেমাজিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ বাবে ১০০৫ বিঘা ১ কঠা, মেডিকেল কলেজৰ বাবে ১১৫ বিঘা ৪কঠা 15লোচা আৰু সৈনিক স্কুলৰ বাবে ১৩০ বিঘা মাটি আৱন্টন দিয়ে (Allotment of Land) । এই সভাত ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত উৎপল দলেসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

কৰিমগঞ্জত ভূমি পট্টা বিতৰণ

একেদিনাই পাথাৰকান্দিৰ বিধায়ক কৃশেন্দু পালে ভূমিহীন আৰু ধৰ্মীয় আৰু সামাজিক সংগঠনক ভূমিপট্টাৰ নথিপত্ৰ বিতৰণ কৰে ৷ পাথাৰকান্দি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত বিধায়কগৰাকীয়ে ১৮জন ব্যক্তিৰ লগতে ভাৰত সেৱাশ্ৰম, কালীবাৰী আদিকে ধৰি বহুকেইটা সংগঠনৰ হাতত পট্টাৰ নথি বিতৰণ কৰে ৷ তেওঁ লগতে পুতনি চাহবাগিচাৰ অগ্নিদগ্ধ এগৰাকী মহিলাৰ স্বামীৰ হাতত চাৰি লাখ টকাৰ চেক প্ৰদান কৰে । বিধায়কজনে অন্য এক প্ৰসংগত পাথাৰকান্দি আৰু ৰাতাবাৰীত একেলগে চিভিল চাব ডিভিজন হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অনুষ্ঠানত ৰাজহ চক্ৰ বিষয়া অৰ্পিতা দত্ত মজুমদাৰৰ লগতে বিজেপিৰ বিভিন্ন স্তৰৰ কাৰ্যকর্তাসকল উপস্থিত আছিল ।

লগতে পঢ়ক : ভূমিৰ অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.