ETV Bharat / state

Shiksha setu app: শিক্ষা সেঁতু এপৰ প্ৰতি শিক্ষক সমাজৰ সমৰ্থন কামনা শিক্ষামন্ত্ৰীৰ

author img

By

Published : Jun 22, 2023, 8:38 PM IST

shiksha setu app
শিক্ষকৰ বিৰুদ্ধে হুংকাৰ শিক্ষামন্ত্ৰীৰ

শিক্ষা সেঁতু এপ ব্যৱহাৰ কৰি বিদ্যালয়ৰ তথ্য দাখিল নকৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে হুংকাৰ শিক্ষামন্ত্ৰীৰ ৷

শিক্ষকৰ বিৰুদ্ধে হুংকাৰ শিক্ষামন্ত্ৰীৰ

ধেমাজি, 22 জুন : শিক্ষাখণ্ডত চলি থকা বিভিন্ন বেমেজালিৰ আঁত ধৰি শিক্ষক সমাজে বহুদিনৰ পৰা প্ৰতিবাদ কৰি আহিছে ৷ অতদিনে প্ৰতিবাদ কৰি অহা শিক্ষকসকলক উভতি ধৰিলে শিক্ষামন্ত্ৰীয়ে ৷ শিক্ষা সেঁতু এপ ব্যৱহাৰ কৰি বিদ্যালয়ৰ তথ্য দাখিল নকৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে হুংকাৰ শিক্ষামন্ত্ৰীৰ ৷

ধেমাজিত আয়ুস্মান কাৰ্ড বিতৰণৰ এক অনুষ্ঠানত অংশ লৈ শিক্ষক সকলক উদ্দেশ্যি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে | এতিয়াৰে পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে ব্যৱহাৰ কৰিব লাগিৱ শিক্ষা সেঁতু এপ ৷ যিসকল শিক্ষকে শিক্ষা সেঁতু এপ ব্যৱহাৰৰ পৰা বিৰত আছে অতি সোনকালে এই এপ ব্যৱহাৰ কৰি সকলো তথ্য আপলোড কৰিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

শিক্ষামন্ত্ৰীগৰাকীৰ মতে, একাংশ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে ভাৰপ্ৰাপ্ত হৈ থকাৰ আলমতেই শিক্ষা সেঁতু এপ ব্যৱহাৰ নকৰি টেবলেট সমূহ ঘূৰাই দিয়াৰ হুংকাৰ দিছিল শিক্ষা বিভাগক | এইবাৰ অৱশ্যে সেইসকল শিক্ষককে শিক্ষামন্ত্ৰীগৰাকীয়ে দিলে হুংকাৰ | যদি বিদ্যালয়লৈ অহা চৰকাৰী ধনসমূহ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে খৰচ কৰিব পাৰে তেন্তে শিক্ষা সেঁতু এপ ব্যৱহাৰ কৰি তথ্যসমূহ আপলোড কিয় কৰিব নোৱাৰে ?

মন কৰিবলগীয়া যে, চৰকাৰী সা-সুবিধা তথা দৰমহাৰে ক্ষুধা পূৰ নোহোৱা একাংশ এলেহুৱা শিক্ষকৰ এটাৰ পিচত আনটো লেঠা নুগুচেই ৷ কামত ফাঁকি দি ভালপোৱা কেৱল চৰকাৰ দৰমহাকেইটালৈ মুখ মেলি থকা শিক্ষকচামৰ বাবে পংগু হৈছে বহু চৰকাৰী বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ জীৱন ৷ সেয়ে শিক্ষামন্ত্ৰীগৰাকীৰ এনে কঠোৰ পদক্ষেপক প্ৰংশসনীয় বুলি ক’ব পাৰি ৷

লগতে পঢ়ক : Rangia people severely affected by flood:কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.