ETV Bharat / state

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

author img

By

Published : Jan 25, 2021, 7:36 PM IST

ধেমাজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে ধেমাজিৰ জীয়াঢল চাৰিআলিৰ পৰা জিলা উপাযুক্তৰ কাৰ্যালয়লৈ চাইকেল ৰেলী উলিওৱা হয় ।

ধেমাজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন
ধেমাজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

ধেমাজি, ২৫ জানুৱাৰী: সোমবাৰে সমগ্ৰ দেশতে পালন কৰা হ'ল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ধেমাজিতো জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বিশাল চাইকেল ৰেলী । ধেমাজিৰ জীয়াঢল চাৰিআলিৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজি জিলা উপাযুক্ত কাৰ্যালয়লৈ চাইকেল ৰেলী উলায়ায় ৷ এই চাইকেল ৰেলী উদ্বোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘানাৱাটে ৷

ধেমাজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন
ধেমাজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

চাইকেল ৰেলীত ধেমাজিৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ সজাগতামূলক চাইকেল ৰেলীৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷ সভাত বহু কেইগৰাকী বিশেষভাৱে সক্ষম ভোটাৰক প্ৰশাসনৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷ লগতে ভোটাৰসকলক ভোটদান প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ উৎসাহিত কৰে জিলা প্ৰশাসনৰ বিষয়াসকলে ।

লগতে পঢ়ক:চিৰাঙত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.