Snow at Menchukha: বৰফৰ চাদৰে ঢাকি ৰাখিছে মেছুকাক

author img

By

Published : Jan 21, 2023, 12:47 PM IST

Snow at Menchukha

অৰুণাচল প্ৰদেশৰ মেছুকাৰ ৰাজপথত এতিয়া কেৱল বৰফ আৰু বৰফ (Snow in Menchukha)। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চাবলৈ পৰ্যটকৰ ভিৰ । অসমকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে বৰফৰ মাজত কটাইছে সময় ।

বৰফৰ চাদৰে ঢাকি ৰাখিছে মেছুকাক

জোনাই, ২১ জানুৱাৰী : পৰ্যটনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে উত্তৰ-পূৰ্বাঞ্চলৰ এক সুকীয়া স্থান আছে (North east tourist hot spot)। উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খনকৈ ৰাজ্যৰ এক সুকীয়া পৰিচয় আছে । গ্ৰীষ্ম কালৰ পৰা আৰম্ভ কৰি শীত কাললৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দৃশ্যই আকৰ্ষণ কৰি ৰাখে পৰ্যটকক । যাৰ বাবে বছৰি লাখ লাখ পৰ্যটকৰ আগমন হয় উত্তৰ-পূৱলৈ ।

শেহতীয়াকৈ উত্তৰ-পূৱৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটিছে । কিয়নো মিনি ছুইজাৰলেণ্ড খ্যাত অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত এতিয়া কেৱল বৰফ আৰু বৰফ । ৰাজ্যখনৰ মায়'ডিয়া, মেছুকাকে ধৰি প্ৰায়বোৰ অঞ্চলতে তীব্ৰ তুষাৰপাত হোৱা দেখা গৈছে । বৰফৰ চাদৰে আৱৰি ৰাখিছে সমগ্ৰ অৰুণাচলক ।

চুবুৰীয়া ৰাজ্য অসমৰ পৰাও যথেষ্ট সংখ্যক পৰ্যটকে অৰুণাচললৈ গৈ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ আনন্দ লৈছে । শেহতীয়াকৈ কিছুদিন ধৰি অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ মেছুকাত প্ৰচণ্ড তুষাৰপাত হোৱা দেখা গৈছে (Snowfall at Menchukha)। যাৰ বাবে মেছুকাৰ বিভিন্ন প্ৰান্তৰ ৰাজপথত ২-৪ ফুট পৰ্যন্ত বৰফৰ ডাঠ আৱৰণ দেখিবলৈ পোৱা গৈছে । মেছুকাৰ এই অপৰূপ দৃশ্য উপভোগ কৰিবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰিছে অৰুণাচল প্ৰদেশত (Arunachal Menchukha Town)।

অৰুণাচল প্ৰদেশৰ ছি য়োমি জিলাৰ য়াৰ্গেপ চু চিয়োম নদীৰ মেছুকা উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ৬,০০০ ফুট উচ্চতাত অৱস্থিত এখন সৰু চহৰ ৷ বিশেষকৈ ডিচেম্বৰৰ শেষৰ ফালে আৰু জানুৱাৰী মাহত মেছুকাত বৰফৰ শুকুলা আচ্ছাদন দেখিবলৈ পোৱা যায় ৷ প্ৰতি বছৰৰ দৰে এইবাৰো বৰফো আৱৰি ৰাখিছে মেছুকাক (Natural beauty of Menchukha)। সেয়ে যোৱা নৱেম্বৰ মাহৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটকে ভিৰ কৰিছে মেছুকাত ৷ শীত আৰু বৰফ ভালপোৱা সকলো পৰ্যটককে এতিয়া হাত বাউলি মাতিছে মেছুকাই ।

পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে মেছুকালৈ গৈ বৰফৰ মাজত কিছু সময় কটাইছে বহুতে (Tourists throng Menchukha)। বৰফে ঢাকি ৰখা মেছুকাৰ এই সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈছে পৰ্যটকসকলে । বিদেশলৈ যোৱাৰ পৰিৱৰ্তে নিচেই ওচৰতে থকা উত্তৰ-পূৱৰে অন্যতম অৰুণাচল প্ৰদেশত এনে পৰিৱেশৰ আমেজ ল'বলৈও পৰ্যটকসকলে আহ্বান জনাইছে আন আন লোকসকল ।

লগতে পঢ়ক :Mayodia natural beauty : মায়'ডিয়াৰ সৌন্দৰ্যই আপ্লুত কৰিছে পৰ্যটকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.