Annual Session of Bodo Cultural Forum: চিমেন চাপৰিত নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ বাৰ্ষিক অধিৱেশন

author img

By

Published : Jan 17, 2023, 1:25 PM IST

Annual Session of Bodo Cultural Forum at Dhemaji

চিমেন চাপৰি এছ বি বড়ো হাইস্কুল খেলপথাৰত চলি আছে নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন । ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈছে নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (All Bodo Womens Welfare Council)।

নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

জোনাই,১৭ জানুৱাৰী: ধেমাজি জিলাৰ চিমেন চাপৰি এছ বি বড়ো হাইস্কুল খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ (বড়ো হাৰিমু আফাড) ১৯ সংখ্যক ত্ৰি-বাৰ্ষিক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ (আবৌফ) ১৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (Annual Session of Bodo Cultural Forum at Dhemaji)। অধিৱেশনৰ প্ৰথম দিনা পুৱা ৮-৩০ বজাত মূল তোৰণ উদ্ধোধন কৰে জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱাই । ইপিনে, পুৱা ৮ বজাত স্বচ্ছ অভিযান মুকলি কৰে চিকিৎসা আৰু স্বাস্থ্য বিষয়া শশীকান্ত পায়েঙে । পুৱা ১০-১০ বজাত স্বেচ্ছাসেৱী শিবিৰ উদ্ধোধন কৰে জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাসে ।

কাৰ্যসূচী অনুসৰি পুৱা ১০-১৫ বজাত বড়ো হাৰিমু আফাডৰ প্ৰতিনিধি শিবিৰ উদ্ধোধন কৰে এছ বি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰীয়ে । ইয়াৰ পিছতেই আবৌফৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰীয়ে । পুৱা ৯-৩০ বজাত অতিথিশালা উদ্ধোধন কৰে জোনাইৰ বিধায়ক ভূবন পেগুয়ে । তদুপৰি মূল মণ্ডপ উদ্ধোধন কৰে সাংসদ প্ৰদান বৰুৱাই । ভোজনালয়ৰ দ্বাৰ মুকলি কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভূমিধৰ বড়োয়ে ।

আনহাতে,বড়ো হাৰিমু আফাডৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে এমএচিৰ ই এম মলেন্দ্ৰ নাৰ্জাৰীয়ে । পুৱা ১০-৩০ বজাত আবৌফৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে জ্যেষ্ঠ স্বাস্থ্যকৰ্মী জ্যোতিকা ব্ৰহ্মই । উক্ত অনুষ্ঠানৰ পিছতেই বজাৰ আৰু মেলা উদ্ধোধন কৰে বি কে ডব্লিউ এ চিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে । পুৱা ১১ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পিছত দিনৰ ২ বজাত বড়ো হাৰিমু আফাড আৰু আবৌফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । বিয়লি ৩-৩০ বজাত অনুষ্ঠিত বড়ো হাৰিমু আফাডৰ প্ৰতিনিধি সভাখন উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োয়ে । অনুষ্ঠানটোত আবৌফৰ প্ৰতিনিধি সভাখন উদ্ধোধন কৰে আবৌফৰ প্ৰাক্তন সভানেত্ৰী মিথিংগা বসুমতাৰীয়ে । আবেলি ৫ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাখন উদ্ধোধন কৰে বড়ো হাৰিমু আফাডৰ উপদেষ্টা ৰজনী স্বৰ্গীয়াৰীয়ে ।

১৭ জানুৱাৰীৰ পুৱা ৮ বজাত বড়ো হাৰিমু আফাডৰ পতাকা উত্তোলন কৰে সভাপতি যোগেশ্বৰ ব্ৰহ্মই । ইপিনে, আবৌফৰ পতাকা উত্তোলন কৰে সভানেত্ৰী দিপালী নাৰ্জাৰীয়ে । পুৱা বড়ো হাৰিমু আফাডৰ শ্বহীদ তৰ্পণ কৰে উপ সভাপতি দেবেন ব্ৰহ্মই । আবৌফৰ শ্বহীদ তৰ্পণ কৰে উপদেষ্টা বিভাৰাণী নাৰ্জাৰীয়ে । পুৱা ৯ বজাত আবৌফৰ কেন্দ্ৰীয় সমিতিৰ প্ৰয়াত বিষয়ববীয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ বড়োয়ে । পুৱা স্মৃতিগ্ৰন্থ সানজাৰি সৌদৌমশ্ৰী উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড৹প্ৰতিমা ব্ৰহ্মই । আবৌফৰ মুখপত্ৰ 'সংদন' উন্মোচন কৰে আবৌফৰ প্ৰাক্তন উপ সভানেত্ৰী ড৹ ৰীতা বড়োয়ে ।

ইপিনে, মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন মন্ত্ৰী তথা সদৌ জনজাতি মহিলা কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম । নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়াব আবৌফৰ প্ৰাক্তন সভানেত্ৰী ৰমেলা ইছলাৰী আৰু আবৌফৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা তথা প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰীয়ে ।

উক্ত অনুষ্ঠানত বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বি কে ডব্লিউ এ চিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, এমএচিৰ প্ৰধান পৰমানন্দ চায়েঙ্গীয়া, নিখিল বড়ো হাৰিমু আফাডৰ সভাপতি যোগেশ্বৰ ব্ৰহ্ম, বড়ো ৰাইটাৰ্ছ একাডেমীৰ সভাপতি ৰাজেন বসুমতাৰী, টিএমএমকেৰ সভানেত্ৰী গীতাঞ্জলী বৰি, এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্ম আৰু সন্মানিত অতিথি হিচাপে কেবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব । আবেলি ৫ বজাত বি কে ডব্লিউ এ চিৰ উপ -মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ' নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মত বিনিময় অনুষ্ঠান । সন্ধিয়া ৬ বজাত বড়ো হাৰিমু আফাডৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:California shooting: কেলিফৰ্ণিয়াত ধাৰাষাৰ গুলীবৰ্ষণত, কেঁচুৱা-মাতৃসহ নিহত ৬ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.