ETV Bharat / state

Crime in Dhemaji: ধেমাজিত প্ৰধানমন্ত্ৰী আৱাস যোগান গৃহৰ প্ৰলোভনেৰে ধৰ্ষণ

author img

By

Published : Mar 12, 2023, 10:56 PM IST

ধেমাজি জিলাৰ এৰাঢল গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহৰ নামত হিতাধিকাৰীক ধৰ্ষণৰ অভিযোগ (Rape in Dhemaji) । এৰাঢল গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ সদস্যাৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিয়োগ ।

Allegations of rape in Dhemaji
এৰাঢল গাওঁ পঞ্চায়তত ধৰ্ষণৰ অভিযোগ

এৰাঢল গাওঁ পঞ্চায়তত ধৰ্ষণৰ অভিযোগ

ধেমাজি, ১২ মাৰ্চ: ধেমাজিত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰীক ৱাৰ্ড সদস্যাৰ স্বামীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে (Allegations of rape in Dhemaji)৷ এই জঘন্য় ঘটনাটো শনিবাৰে সংঘটিত হৈছে । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত ভুক্তভেগী পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী বাছনি কৰাৰ নামত বিভিন্ন ঠাইত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে (PMAY in Dhemaji)। এনে অভিযোগৰ সময়তে এইবাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰীক ঘৰ দিয়াৰ নামত জঘন্য কাণ্ড সংঘটিত হৈছে ধেমাজিত ৷ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ দিয়াৰ নামত হিতাধিকাৰীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ৷ শনিবাৰে হিতাধিকাৰীৰ পৰা যাৱতীয় নথিপত্ৰ লোৱাৰ অচিলাৰে ধৰ্ষণ কৰিলে খোদ ৱাৰ্ড সদস্যাৰ স্বামী বাহাদুৰ দাসে ৷

উত্থাপিত অভিযোগ মতে, ধেমাজি জিলাৰ এৰাঢল গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ সদস্যাৰ স্বামী বাহাদুৰ দাসে প্ৰধানমন্ত্ৰীৰ আৱাসগৃহৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ বিচৰা চলেৰে ঘৰলৈ মাতি পঠাইছিল ভুক্তভোগীগৰাকীক (Allegations of rape in Eradhal Grama Panchayat) ৷ ঘৰত কোনো নথকা অৱস্থাত এৰাঢল গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ সদস্যাৰ লম্পট স্বামীয়ে মুকবধিৰ মহিলাগৰাকীক ফুচুলাই নথিপত্ৰ পৰীক্ষা কৰাৰ নামত ধৰ্ষণ কৰে ৷ পিছত মহিলাগৰাকীক হাতত 500টা গুজি দি এই বিষয়ে কাকো নক’বলৈ সঁকিয়াই দিয়ে ৷ কিন্তু ঘৰলৈ উভতি আহি নিজৰ স্বাস্থ্যৰ অৱস্থা আৰু লোকজনে কৰা দুষ্কাৰ্যৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাত এই বিষয়ে পৰিয়ালৰ লোকসকলে ৰাইজক জনায় ।

ইয়াৰ পিছতেই স্থানীয় ৰাইজে সমবেত হৈ ৱাৰ্ড সদস্যগৰাকী স্বামীৰ বিৰুদ্ধে সৰৱ হৈ শাস্তিৰ দাবী উত্থাপন কৰে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে পৰিয়ালৰ লোকৰ সহযোগত অভিযুক্ত বাহাদুৰ দাসৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে (Dhemaji Sadar Police Station) ৷ ইপিনে, এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিয়ে অভিযুক্ত বাহাদুৰ দাসে পলায়ন কৰে বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক:Tourist rescued by Army: প্ৰচণ্ড তুষাৰপাতৰ বাবে ছিকিমত আবদ্ধ হৈ পৰা 3 শতাধিক পৰ্যটকক উদ্ধাৰ সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.