দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ শুনি হৃদক্ৰিয়া বন্ধ হৈ পিতৃৰো মৃত্যু

author img

By

Published : Sep 18, 2021, 9:33 PM IST

a road accident in jonai

দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ শুনি হৃদ ক্ৰিয়া বন্ধ হৈ যুৱক জনৰ পিতৃৰো মৃত্যু হোৱাৰ এক মৰ্মান্তিক ঘটনাই সমগ্ৰ জোনাই অঞ্চলত শোকৰ ছাঁ পেলাছে ।

জোনাই, ১৮ ছেপ্টেম্বৰ: দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ শুনি হৃদক্ৰিয়া বন্ধ হৈ পিতৃৰো মৃত্যু হোৱাৰ এক মৰ্মান্তিক ঘটনাই সমগ্ৰ জোনাই অঞ্চলত শোকৰ ছাঁ পেলাছে । জানিব পৰা মতে, ধেমাজি জিলাৰ জোনাইত বিশ্বকৰ্মা পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকে অকাল মৃত্যুক সাৱতি লয় ৷

ঘটনাৰ বিৱৰণী মতে, জোনাই মহকুমাৰ গালী ৰঙাজানত যোৱা নিশা প্ৰায় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ চিলাপথাৰৰ পৰা জোনাই অভিমুখে আহি থকা AS-04F-5500 নম্বৰৰ দ্ৰুতবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই 515 নং ৰাষ্ট্ৰ ঘাইপথৰ গালী ৰঙাজানত পথত ৰৈ থকা চাৰিজন যুৱকক মহতিয়াই দ-খাৱৈত বাগৰি পৰে ।

লগতে পঢ়ক: প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান

বাহনখনে মহতিয়াই নিয়া চাৰি গৰাকী লোকৰ ভিতৰৰ মাজুলীপুৰ গাঁৱৰ ভাৰোজ পেগু (34) নামৰ যুৱকজন থিতাতে নিহত হয় । আনহাতে দুৰ্ঘটনাটোত অন্য তিনিজন লোক গুৰুত্বভাৱে আহত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখনৰ চালক আৰু আৰোহীসকল পলায়ন কৰে ।

বাহনখনৰ পৰা পৰা মদৰ বটলৰ সৈতে নিচাজাতীয় বস্তু উদ্ধাৰ কৰে আৰক্ষীয়ে । মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে ভাৰোচজ পেগুৰ ঘৰত সংঘটিত হয় অন্য এক মৰ্মাতিক ঘটনা ।পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই ভাৰোজ পেগুৰ পিতৃ নিৰানন্দ পেগুৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু সাৱতি লয় । এই মৰ্মান্তিক ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতেই সমগ্ৰ জোনাই অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.