মঙলদৈত চলন্ত অটোত যৌন আতিশৰ্যৰ বলি দুই ছাত্ৰী

author img

By

Published : Sep 18, 2021, 7:35 PM IST

two-students-sexually-abused-in-running-auto-in-mangaldoi

ডিব্ৰুগড়ৰ ষ্টেট বেংকত সংঘটিত হোৱা ঘৃণনীয় কাণ্ডৰ পাছত এইবাৰ দৰঙত এজন অটোচালকৰ আন এক ঘৃণনীয় কাণ্ড ৷ চচিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ' ৷

দৰং,18 ছেপ্তেম্বৰ: ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা ৷ কেইদিনমান পূৰ্বে ডিব্ৰুগড়ৰ ষ্টেট বেংকত সংঘটিত হোৱা ঘৃণনীয় কাণ্ডৰ পাছত এইবাৰ দৰঙত এজন অটোচালকৰ আন এক ঘৃণনীয় কাণ্ড পোহৰলৈ আহিছে ৷ চলন্ত অটোত কাষত 2 জনীকৈ ছাত্ৰীক বহুৱাই অশ্লীল ইংগিত অটোচালকৰ ৷ সমগ্ৰ নিৰ্লজ্জ কাণ্ডটো চচিয়েল মিডিয়াত ভাইৰেল কৰা দৰঙৰ মহলীয়াপাৰাৰ যুৱক ৰিতুৰাজ ডেকাসহ মঙলদৈ মোল্লাপাৰা গাঁৱৰ অটোচালক মুকুল আলি ওৰফে ক'লাক আটক কৰিছে আৰক্ষীয়ে ৷

দুদিন পূৰ্বে দৰঙৰ দুনীৰ দুগৰাকী ছাত্ৰী মঙলদৈৰ ইছলামপুৰস্থিত পেৰামেডিকেলৰ শিক্ষা প্ৰতিস্থান এখনত পাঠ গ্ৰহণ কৰি ঘৰলৈ উভতি গৈছিল অটোচালক মুকুল আলি ওৰফে কলাৰ অটোত ৷ সেই সময়তে চালকৰ আসনৰ দুয়োফালে দুইগৰাকী ছাত্ৰীক বহুৱাই মুকুল আলি ওৰফে ক'লাই এক ঘৃণনীয় কাণ্ড কৰাৰ লগতে দিলে অশ্লীল ইংগিত ৷

মঙলদৈত চলন্ত অটোত যৌন আতিশৰ্যৰ বলি দুই ছাত্ৰী

এই সমস্ত ঘটনাটো এগৰাকী ছাত্ৰীয়ে ভিডিঅ’ কৰি ঘনিষ্ঠ বন্ধু এজনলৈ প্ৰেৰণ কৰে আৰু অটোচালকৰ বিৰুদ্ধে পদক্ষেপ লবলৈ আহ্বান জনায় ৷ কিন্তু ৰিতুৰাজ ডেকা নামৰ বন্ধুজনে যুৱতী দুগৰাকীক সহায় কৰাৰ বিপৰীতে চচিয়েল মিডিয়াতহে আপলোড কৰে সেই ভিডিঅ'টো ৷

ইয়াৰ পাছতে দৰং আৰক্ষীৰ আইটি চেলে বিষয়টো পৰীক্ষা কৰি নিজাববীয়াকৈ তদন্ত চলাই ৰিতুৰাজ আৰু ক'লাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ছাত্ৰী গৰাকীৰ এজাহাৰৰ ভিত্তিক অটোচালক কলা আৰু চচিয়েল মিডিয়াত অশ্লীল ভিডিঅ’টো আপলোড কৰাৰ অপৰাধত ৰিতুৰাজক কৰায়ত্ব কৰি শনিবাৰে জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়কঃ দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.