দৰঙত চুলাই মদৰ বিৰুদ্ধে অভিযানত নামিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

author img

By

Published : Sep 29, 2022, 7:08 AM IST

Updated : Sep 29, 2022, 10:30 AM IST

Operation against illegal wine in Darrang

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙত অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী (Operation against illegal wine in Darrang ) ৷ এইবাৰ চুলাই মদ বিৰোধী অভিযানত নামিল খোদ জিলাখনৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া ৷

দৰং, 29 ছেপ্টেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙত অবৈধ নিচা জাতীয় সামগ্ৰী তথা চুলাই মদ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী (Operation against illegal wine in Darrang) ৷ এইবাৰ চুলাই মদ বিৰোধী অভিযানত নামিল খোদ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা (DC Pranab Kumar Sarma) আৰু আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া নামিল চুলাই মদৰ বিৰুদ্ধে অভিযানত ৷

এক গোপন সূত্ৰৰ পম খেদি দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত মঙলদৈৰ নিকটৱৰ্তী বঙলাগড়ত চলোৱা হয় এই অভিযান ৷ বঙলাগড়ত প্ৰস্তুত কৰা চুলাই মদৰ অবৈধ ঘাটি উৎখাত কৰাৰ লগতে নষ্ট কৰিলে বহু হাজাৰ লিটাৰ চুলাই মদ (Local liquor destroyed in Darrang) ৷ ইয়াৰোপৰি চুলাই প্ৰস্তুত কৰাৰ সময়ত ব্যৱহৃত বিভিন্ন সামগ্ৰীও ধ্বংস কৰে অভিযানকাৰী দলটোৱে ।

দৰঙত চুলাই মদৰ বিৰুদ্ধে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অভিযান

অৱশ্যে অভিযানৰ সময়চোৱাত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটোৱে ৷ জিলাখনত যেতিয়ালৈ এই অবৈধ চুলাই প্ৰস্তুত অথবা সৰবৰাহ বন্ধ নহয় তেতিয়ালৈকে অভিযান অব্যাহত ৰাখিব বুলি জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তগৰাকীয়ে সদৰি কৰে ৷

লগতে পঢ়ক: একেদিনাই তিনিজনকৈ ঘোচখোৰ বিষয়া জালত পৰিল দুৰ্নীতি নিবাৰক শাখাৰ

Last Updated :Sep 29, 2022, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.