দৰঙত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : Sep 11, 2022, 8:11 AM IST

Minister Chandramohan Patwari in Darang

দৰঙত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Minister Chandramohan Patwari in Darang)৷ একাধিক কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ ৷ মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷

মঙলদৈ, 11 ছেপ্টেম্বৰ: পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শনিবাৰৰ দিনটোত দৰঙত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে(Minister Chandra Mohan Patowary) । মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ খাৰুপেটিয়াৰ ধূলাত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলগীয়া ৯ খন আদৰ্শ মহিলা মহাবিদ্যালয়ৰ ভিতৰৰ এখন মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

আধাৰশিলা কাৰ্যসূচীত ভাষণ দি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত নাৰী সৱলীকৰণ সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ সংখ্যালঘু আধিপত্য অঞ্চলসমূহত নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলাই আহিছে(Minority dominated areas) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ ক সৰোগত কৰি ৰাজ্য চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ সম-উন্নয়নৰ বাবে চেষ্টা কৰি আছে আৰু আদৰ্শ মহিলা মহাবিদ্যালয় স্থাপন কৰাটো সেই দিশত এক সৱল পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

Minister Chandramohan Patwari in Darang
দৰঙত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ ৯ খন আদৰ্শ মহিলা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰতিখনকে ২৪ কোটিকৈ টকা আৱণ্টন দিয়া হৈছে আৰু সম্পূৰ্ণ হৈ উঠাৰ পাছতে এই মহাবিদ্যালয়সমূহে ছাত্ৰীসকলক গুণগত মানৰ উচ্চ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব আৰু সংখ্যালঘু অঞ্চলৰ কন্যাসকলৰ বাবে এক সৱল পৰিৱেশ নিশ্চিত কৰিব পাৰিব ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰা ধূলাস্থিত পূৱ মঙলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । উদ্বোধনী কার্যসূচীত ভাষণ দি মন্ত্ৰী পাটোৱাৰীয়ে নতুন ৰাজহ চক্ৰটো সৃষ্টিৰ ফলত শ্যামাবাৰী, ৰঙামাটি আৰু চাপাই মৌজাৰ উন্নয়ন ক্ষিপ্ৰ হোৱাৰ লগতে ভূমি সম্পৰ্কীয় সেৱাসমূহ ক্ষীপ্ৰতাৰে প্ৰদানৰ সুবিধা হ’ব বুলি উল্লেখ কৰে ৷

ইয়াৰ পূৰ্বে পাটোৱাৰীয়ে মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধূলা হাইস্কুল পৰিদৰ্শন কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ আন্ত:গাথঁনিৰ বুজ লয় । শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিদ্যালয়খনে গ্ৰহণ কৰা ভূমিকাক মন্ত্ৰীগৰাকীয়ে শলাগ লয় । মন্ত্ৰীগৰাকীয়ে মঙলদৈ পাথৰিঘাট আৰু খৈৰাবাৰী সংযোগী মঙলদৈ নদীৰ ওপৰত ইছলামপুৰৰ সমীপত আৰচিচি দলং উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।

এই সময়ছোৱাত মন্ত্ৰী পাটোৱাৰীক সংগ দিয়ে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক বসন্ত দাস, এ এফ ডি চিৰ অধ্যক্ষ গুৰুজ্যোতি দাস , জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই । শেষত, মন্ত্ৰীগৰাকীয়ে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ ব্লক পৰ্যায়ৰ বৈঠকত অনুমোদিত টাইড আৰু আনটাইড দুয়োটা পুঁজিৰ অধীনৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ বাবে দৰং উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত আয়োজিত জিলা পৰ্যায়ৰ উপদেষ্টা তথা নিৰীক্ষণ কমিটীৰ বৈঠকত অধ্যক্ষতা কৰে ।

লগতে পঢ়ক: Job Mela সন্দৰ্ভত উদ্ভট মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.