ETV Bharat / state

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

author img

By

Published : Mar 4, 2021, 8:12 PM IST

Updated : Mar 5, 2021, 3:24 PM IST

পুনৰ দিছপুৰ দখলৰ স্বপ্ন ভংগ হ’ব নেকি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ ৷ দিছপুৰলৈ যোৱাৰ বাটত হেঙাৰ হৈ ঠিয় দিব নেকি মহাজোঁট ৷ সমষ্টিত জনপ্ৰিয় হোৱাৰ পাচতো যেন সমষ্টিত এইবাৰ মুখ ঠেকেচা খোৱাৰ উপক্ৰম হৈছে বিধায়ক গৰাকীৰ ৷

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ
ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ

দৰং, 4 মাৰ্চ : পুনৰ দিছপুৰ দখলৰ স্বপ্ন ভংগ হ’ব নেকি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ ৷ দিছপুৰলৈ যোৱাৰ বাটত হেঙাৰ হৈ ঠিয় দিব নেকি মহাজোঁট ৷ সমষ্টিত জনপ্ৰিয় হোৱাৰ পাচতো যেন সমষ্টিত এইবাৰ মুখ ঠেকেচা খোৱাৰ উপক্ৰম হৈছে বিধায়ক গৰাকীৰ ৷

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

2016 চনৰ নিৰ্বাচনত ৰাজ্যত ঢৌ উঠিছিল বিজেপিৰ ৷ সেই সময়ত পৰৱৰ্তনকামী জনতাৰ অধিকাংশই ইভিএমৰ বুটাম টিপিলে বিজেপিৰ সপক্ষে । মঙলদৈ সমষ্টিত 2,00,301ভোটাৰৰ ভিতৰত 73,423 জনে ভোট দিলে বিজেপিৰ গুৰুজ্যোতি দাসৰ সপক্ষে ৷ আনহাতে নিকটতম প্ৰতিদন্দ্বী কংগ্ৰেছৰ বসন্ত দাসে লাভ কৰে 51,358 টা ভোট ৷ আনহাতে সংখ্যালঘু ভোটাৰ অধিক থকা সমষ্টিটোত AIUDF-এ লাভ কৰে 48,417টা ভোট ৷

মন কৰিব লগীয়া যে, বিজেপিৰ প্ৰচুৰ বতাহ বলাৰ সময়ত বিজেপি মঙলদৈত বিজয়ী হৈছিল 22,065 টা ভোটত ৷ কিন্তু এতিয়াৰ পৰিৱেশ, সম্পূর্ণ পৃথক । কংগ্ৰেছ আৰু AIUDF একলগ হ’লে, যোৱা বাৰৰ ভোটৰ হিচাপত বিজেপি পৰাস্ত হ'ব প্ৰায় 26,352 টা ভোটত ৷

উল্লেখ্য যে, APSC কেলেংকাৰীৰ লগত নাম সাঙোৰ খাইছে বৰ্তমানৰ বিধায়ক গুৰুজ্যোতি দাসৰ ৷ ইফালে "কা" বিৰোধিতা কৰা একাংশ এতিয়াও হৈ আছে দূৰতে বিদূৰ বিজেপিৰ নামত । তেনে পৰিস্থিতিত ভোটাৰৰ মানসিকতাত গুৰুজ্যোতি বা বিজেপিৰ বিৰুদ্ধে তিলমান হ’লেও যে প্ৰভাৱ পৰিব সেয়া নিশ্চিত। গতিকে সাতে-পাচে মিলি গুৰুজ্যোতিৰ দিছপুৰ যাত্ৰা যে এইবাৰ জটিল হ’ব, সেইটো প্ৰায় স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক: মহাজোঁটৰ আংশীদাৰ হ'ল জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি

Last Updated : Mar 5, 2021, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.