ETV Bharat / state

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৃষকৰ

author img

By

Published : Nov 16, 2020, 7:44 PM IST

দৰঙৰ খাৰুপেটীয়া-দলগাঁৱৰ পাচলিক লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰাৰ অভিযোগ ওমৰ আলী নামৰ এজন কৃষকৰ ৷ কৃষকজনে মন্ত্ৰীগৰাকীক পাচলিক লৈ ৰাজনীতি নকৰি খেতিয়কৰ লগত খেতি কৰিবলৈ আহ্বান জনায় ৷

Dalgaon Vegetables_Price
মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ এগৰাকী কৃষক

দলগাঁও,১৬ নৱেম্বৰ: ৰাজ্যৰ বজাৰত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ কাৰণ বজাৰত পাচলিৰ জুই চাই দৰ ৷ আলু-পিয়াঁজৰ সমান্তৰালকৈ মূলা, কবি, গাজৰ, বিলাহী, বেঙেনায়েও মাধমাৰ শোধাইছে সৰ্ব সাধাৰণক ৷

Dalgaon Vegetables_Price
মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ এগৰাকী কৃষক

খাৰুপেটীয়া-দলগাঁৱৰ পাচলিক লৈ সম্প্ৰতি ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সাধাৰণ ৰাইজে ৷ যাৰ বাবে কেঁচা শাক-পাচলিক লৈ ৰাজনীতি নকৰিবলৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে খাৰুপেটীয়াৰ এগৰাকী প্ৰতিষ্ঠিত কৃষকে । পাচলি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ উত্তৰ দি ঘনশিমুলী গাঁৱৰ কৃষক ওমৰ আলীয়ে কয়, লক ডাউনে জুৰুলা কৰা খাৰুপেটীয়াৰ কৃষকে বৃদ্ধি কৰা নাই পাচলিৰ মূল্য । খাৰুপেটীয়াৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যত ব্যৱহাৰ কৰা চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাৰ, ঔষধ আদি প্ৰয়োগ কৰি খেতি কৰা কৃষকৰ হাতত নাই ৰাতিৰ ভিতৰত পাচলি বৃদ্ধি কৰা কোনো ঔষধ । সেয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়া-দলগাঁৱৰ পাচলিক লৈ ৰাজনীতি কৰা বাদ দি কৃষকৰ লগত পাচলি খেতি কৰিবলৈ আহ্বান জনাই কৃষক গৰাকীয়ে ৷ ইয়াৰ লগতে ওমৰ আলীয়ে কয় যে, কম মূল্যত পাচলি পাবলৈ হ'লে অসম চৰকাৰে কৃষি বিভাগক শক্তিশালী কৰি তুলিব লাগিব ।

Dalgaon Vegetables_Price
মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ এগৰাকী কৃষক

অন্য এক খবৰৰ বাবে: সাৰৰ ছিণ্ডিকেটে কপাইছে ৰঙিয়া, হাহাকাৰ পৰিস্থিতি কৃষক ৰাইজৰ

উল্লেখ্য যে, প্ৰলয়ংকাৰী বান আৰু কৰ'ণা মহামাৰীৰ বাবে কৃষকে সময়মতে কৰিব পৰা নাই পাচলি খেতি । যাৰ বাবে চাহিদা অনুসৰি পথাৰত নাই উৎপাদন , বজাৰত নাই সুলভ মূল্যৰ পাচলি ৷ যাৰ ফলত উচ্চ দামত বিক্ৰী হৈছে সকলো পাচলি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.