ETV Bharat / state

PMAY scam: প্ৰধানমন্ত্ৰী আৱাস যোজনাত বৃহৎ কেলেংকাৰীৰ অভিযোগ

author img

By

Published : May 2, 2023, 8:48 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ একাংশ পঞ্চায়ত প্ৰনিধিয়ে আঁচনিৰ ধন নথি জালিয়াতিৰে হৰলুকি কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন হৈছে (Pradhan Mantri Awas Yojana ৷

PMAY scam
PMAY scam

প্ৰধানমন্ত্ৰী আৱাস যোজনাত দৰঙত বৃহৎ কেলেংকাৰীৰ অভিযোগ

দৰং, 2 মে’: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক হাৰত সংঘটিত হৈছে কেলেংকাৰী ৷ ৰাজ্যৰ কেইবাখনো জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ দৰং জিলাত এই আঁচনি ৰূপায়নত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (PMAY scam in Darrang) ৷

দৰং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ কেলেংকাৰী হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ দৰং জিলা সমিতিয়ে ৷ অভিযোগ অনুসৰি পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাঁও গাঁও পঞ্চায়তত এই আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন কাৰোবাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত আৱণ্টিত হোৱা ধন সুমুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে (Scam in PMAY scheme) ৷

এক সংবাদমেলযোগে আপে উত্থাপন কৰা অভিযোগ অনুসৰি ওজাগাঁও পঞ্চায়তৰ নুৰ মহম্মদনৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত আৱণ্টিত 32,500 কোটি টকা জালিয়াতিৰে অন্য ব্যক্তিৰ একাউণ্টত সুমুৱাই দিয়াৰ লগতে ফকিৰ আলি আৰু উমেহানি নামৰ হিতাধিকাৰী কেইগৰাকীৰো ঘৰৰ ফটো, জৱকাৰ্ড বেলেগ কাৰোবাৰ নামত ব্যৱহাৰ কৰি ধন হৰলুকি কৰা হৈছে ৷ এই কেলেংকাৰীৰ সৈতে পঞ্চায়ত সভাপতি প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে ৷

দৰং জিলাৰ আন আন পঞ্চায়ততো এই আঁচনি ৰূপায়ণত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আপে ৷ এই অভিযোগৰ তদন্ত কৰাৰ ক্ষেত্ৰত দৰং জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷ মঙলবাৰৰ সংবাদমেলত উপস্থিত থাকে আপৰ দৰং জিলা সমিতিৰ সভাপতি ধীৰাজ হীৰা, সম্পাদক ৰেজাউল কৰিমসহ কেইবাজনো কৰ্মকৰ্তা (PMAY scam in Assam) ৷

উল্লেখ্য যে, একাংশ পঞ্চায়ত সভাপতিয়ে নথি জালিয়াতিৰে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ আত্মীয়ৰ নামত গৃহ আৱণ্টন দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Bricks price hike: দৰঙত ইটাৰ অভাৱনীয় মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.