ETV Bharat / state

এন আৰ চিৰ পুনৰীক্ষণ সন্দৰ্ভত আছু আৰু চৰকাৰক তুলা-ধুনা আমছু সভাপতিৰ

author img

By

Published : Mar 29, 2022, 10:25 AM IST

reaction of AAMSU president on NRC reverification
এন আৰ চিৰ পুনৰীক্ষণ সন্দৰ্ভত আছু আৰু চৰকাৰক তুলা-ধুনা আমছু সভাপতিৰ

এনআৰচি কোনে বিচাৰিছে ? অসম চুক্তি কোনে কৰিছে ? এই প্ৰশ্ন আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ (AAMSU president on NRC reverification) ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন এনআৰচি প্ৰস্তুত কৰাৰ বিষয়টো উত্থাপন(Cm Himanta Biswa Sarma demand for new NRC) কৰাৰে পৰা জাঙুৰ খাই উঠে আমছুকে ধৰি ৰাজ্যৰ আন আন দল-সংগঠন ৷

চিৰাং, 29 মাৰ্চ: সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে NRC ৰ পুনৰ ভেৰিফিকেচনৰ সন্দৰ্ভত সোমবাৰে চিৰাঙৰ কাজলগাঁৱত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া(AAMSU president on NRC reverification) ৷ এনআৰচি সন্দৰ্ভত একপ্ৰকাৰ বিস্ফোৰণ ঘটাই সভাপতিগৰাকীয়ে কয় যে, এইক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে ৰাজ্য চৰকাৰ ৷

অত্যাৱশ্যকীয় সামগ্ৰী, অত্যাৱশ্যকীয় দৰৱ, ইন্ধন আৰু বিদ্যুত মাচুলকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংবাদ শীৰ্ষ দখল কৰাৰ সময়তে সেই প্ৰসংগ তল পেলাবলৈ এনআৰচি-ৰ প্ৰসংগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন(Cm Himanta Biswa Sarma demand for new NRC) কৰা বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে সদৰী কৰে ৷

এন আৰ চিৰ পুনৰীক্ষণ সন্দৰ্ভত আছু আৰু চৰকাৰক তুলা-ধুনা আমছু সভাপতিৰ

তদুপৰি এই এনআৰচিখন খোদ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অধীনত প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পুনৰ এখন নতুন এনআৰচি প্ৰস্তুত কৰাৰ কথা সদৰী কৰিছিল ৷ ইয়াৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱৰ(MP Sushmita Dev on New NRC) লগতে আমছুৰ দৰে সংগঠনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছিল ৷

যদিহে এনআৰচি-ৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আমছু ৷ এনআৰচিখন প্ৰস্তুত কৰাৰ পিছত পুনৰ নিৰীক্ষণ কৰা হৈছিল ৷ সেয়ে সাম্প্ৰতিক সময়ত পুনৰ এবাৰ নিৰীক্ষণ অপ্ৰয়োজনীয় বুলিও সদৰী কৰে সৰকাৰে ৷ কিয়নো এনআৰচিৰ প্ৰস্তুতকৰণৰ নামত ব্যয় হৈছিল মানৱ সম্পদৰ ব্যৱহাৰৰ লগতে পৰ্যাপ্ত সময় ৷ যাৰ বাবে একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ আন বিভাগীয় সকলো কাম-কাজ ৷ লগতে হাৰাশাস্তি হৈছিল সংখ্যালঘূৰ উপৰিও আন একাংশ জনসাধাৰণৰ ৷ সেয়ে পুনৰ এবাৰ এই সকলোবোৰ হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

কেৱল এয়াই নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকো উভতি ধৰে(AAMSU president criticize AASU) আমছুৰ সভাপতিগৰাকীয়ে ৷ সৰকাৰে কয় যে, আমছু বাংলাদেশীৰ ৰক্ষক নহয় ৷ অসম চুক্তি, এখন শুদ্ধ এনআৰচি-ৰ প্ৰসংগ আমছুৰ সলনি আছুৱেহে আৰম্ভ কৰা বুলিও দাবী কৰে সৰকাৰে ৷ তদুপৰি এনআৰচি প্ৰকাশ হোৱাৰ পিছতে তাৰ কাৰ্যালয়লৈ আছুৱে মিঠাই নিয়াৰ প্ৰসংগৰে আমছুৰ সভাপতিগৰাকীয়ে ছাত্ৰ সংগঠনটোক একপ্ৰকাৰ তুলা-ধুনা দিয়ে ৷

ইমানদিনে এনআৰচিক লৈ সন্তষ্টি প্ৰকাশ কৰা সদৌ অসম ছাত্ৰ সন্থাই হঠাতে চৰকাৰৰ সৈতে সুৰ মিলাই এনআৰচিৰ পুনৰ নিৰীক্ষণ বিচৰাটোৱে সংগঠনটোৰ স্ব-বিৰোধী স্থিতিকে প্ৰকাশ কৰা নাইনে বুলিও প্ৰশ্ন কৰে ৰেজাউল কৰিম সৰকাৰে ৷ তেওঁ লগতে কয় যে, আছুৱে দীৰ্ঘদিনে অসমত ৪০ লক্ষাধিক বাংলাদেশী থকা বুলি দাবী কৰি আহিছিল ৷ কিন্তু এনআৰচি প্ৰকাশ হোৱাৰ পিছত তেওঁলোকৰ ভুল ধৰা পৰাত মতিভ্ৰম ঘটা বুলি কটাক্ষ কৰে ৷

প্ৰায় ১৯ লাখ লোকৰ নাম এই এনআৰচিত সন্নিৱিষ্ট নহ’ল ৷ বহুতৰ পিতৃৰ নাম আছে, সন্তানৰ নাম নাই ৷ আনকি বহু খিলঞ্জীয়া লোকৰো নাম অহা নাই NRC ত ৷ গতিকে নাম নহা লোকসকলৰ যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিলে, তাত কিমানজনৰ নাম আহিব(Reaction of AAMSU president on NRC reverification) সেয়া লক্ষণীয় হ’ব বুলি প্ৰকাশ কৰে সৰকাৰে ৷ এনআৰচিখনৰ বাবে বহুতৰে ৰাজনৈতিক বজাৰ বন্ধ হোৱাৰ আশংকাত ইয়াৰ প্ৰতি বহুতে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বুলিও দাবী কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

লগতে চাওক: এন আৰ চিৰ পুনৰীক্ষণৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.