চিৰাঙৰ বনাঞ্চল ৰক্ষাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

author img

By

Published : Nov 24, 2021, 2:17 PM IST

minister-parimal-suklabaidya-promises-to-protect-chirang-reserve-forest

কেবিনেট বৈঠকৰ পূৰ্বে মঙলবাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰাঙত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত আলোচনা কৰা হয় । চিৰাং সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীজনে (parimal suklabaidya promises to protect chirang reserve forest) ৷

চিৰাং, 24 নৱেম্বৰ : বঙাইগাঁৱত অনুষ্ঠিত হোৱা অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Assam cabinet meeting at Bongaigaon)ৰ পূৰ্বে মঙলবাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰাঙত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সভাখনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীকে নামনি অসমৰ বিভিন্ন জিলাৰ উন্নয়নমূলক আঁচনিসমূহ পৰিদৰ্শন আৰু ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰৰ আবেলি ৪ বজাৰ পৰা ৰাজ্যৰ বন-পৰিৱেশ, আবকাৰী আৰু মীন পালন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Minister Parimal Suklabaidya)ই জিলাখনৰ স্বাস্থ্য, শিক্ষা, ক’ভিড প্ৰতিষেধক কেন্দ্ৰ, অংগনবাড়ী কেন্দ্ৰ, জলজীৱন আঁচনি আদি পৰিদৰ্শন কৰাৰ অন্তত জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে ৷

চিৰাঙৰ বনাঞ্চল ৰক্ষাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

জিলাখনৰ বন, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু লোক নিৰ্মান বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় কামকাজৰ বুজ লয় ৷ ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৰৌমাৰীস্থিত ৰাজ্যিক চিকিৎসালয়, বঙাইগাঁও শোধনাগাৰৰ(Bongaigaon refinery) ক'ভিড-১৯ ৰ ভেকচিনেশ্যন কেন্দ্ৰ, বৈখুনগাঁৱৰ অংগনৱাড়ী কেন্দ্ৰ, শান্তিপাৰা প্ৰাথমিক বিদ্যালয় আৰু বিলাসপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা জলজীৱন মিচনৰ প্ৰকল্প পৰিদৰ্শন কৰে ৷

সন্ধিয়া চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয় কক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশ লৈ বন, পৰিৱেশ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় বিষয়াসকলক কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ উন্নয়নমূলক কামসমূহ নিষ্ঠা সহকাৰে কৰিবলৈ আহ্বান জনোৱাৰ লগতে বাকী থকা থকা উন্নয়নমূলক কামসমূহ কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ৷ মন্ত্ৰীজনে চিৰাং সংৰক্ষিত বনাঞ্চলত হোৱা অবাধ বন ধ্বংসৰে হোৱা বেদখল(Chirang Reserve Forest Encroachment) সন্দৰ্ভত প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে যিকোনো প্ৰকাৰে বনাঞ্চলখন ৰক্ষা কৰা ।

লগতে পঢ়ক: Cabinet Meeting at Bongaigaon : বৈঠকৰ পূৰ্বে বজালী জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.