ETV Bharat / state

চিৰাঙত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Feb 11, 2021, 11:05 AM IST

চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অমিত শ্বাহৰ লগত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

চিৰাঙত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
চিৰাঙত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

চিৰাং,11 ফেব্ৰুৱাৰী: বুধবাৰে নিশা গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ইয়াৰ পাচতে আমিনগাঁও লোক নিৰ্মাণ বঙলাত বিশ্ৰাম লয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন অস্থায়ী হেলিপেডৰ পৰা চিৰাঙলৈ উৰা মাৰে ।

কিছু সময় পূৰ্বে চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত হয় ৷ ইয়াৰ পাচতে অনন্ত মহাৰাজৰ লগতে সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদিকা নমিতা বৰ্মনৰ সৈতে এখন বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ এই যাত্ৰাত গৃহমন্ত্ৰী গৰাকীক সংগ দিয়ে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অন্য এক খবৰৰ বাবে: ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.