ETV Bharat / state

ইউপিপিএলত যোগদান কৰিলে দুই শতাধিকে

author img

By

Published : Mar 22, 2021, 10:34 PM IST

সোমবাৰে চিৰাঙৰ বিজনীত ইউপিপিএল দলৰ অনুষ্ঠিত হয় এখন যোগদান সভা । অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে দলটোত যোগদান কৰে ।

চিৰাঙত ইউপিপিএলৰ যোগদান সভা
চিৰাঙত ইউপিপিএলৰ যোগদান সভা

চিৰাং,22 মাৰ্চ: সোমবাৰে চিৰাং জিলাৰ বিজনীত ইউপিপিএলৰ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । এই সভাত বিভিন্ন দল-সংগঠনৰ পৰা সৰ্বমুঠ ২০০ জনে ইউপিপিএলত যোগদান কৰে । ইউপিপিএল দলৰ এই যোগদান সভাত ৩৩ নং বিজনী বিধান সভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ফণীন বড়োৰ লগতে ইউপিপিএলৰ বিজনী সমষ্টিৰ ১৭ নং সুবাঝাৰ সমষ্টিৰ প্ৰাক্তন এমচিএলএৰ গুণেশ্বৰ গয়াৰী আৰু বিজনী সমষ্টিৰ ইউপিপিএল দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

চিৰাঙত ইউপিপিএলৰ যোগদান সভা
চিৰাঙত ইউপিপিএলৰ যোগদান সভা

এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত বিজনীবাসী ৰাইজে ইউপিপিএলক সহায় কৰিব বুলি দাবী কৰাৰ লগতে ইউপিপিএলে চৰকাৰ গঠন কৰাতো নিশ্চিত হৈ পৰিছে বুলি দাবী কৰে ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োই ।

চিৰাঙত ইউপিপিএলৰ যোগদান সভা

অন্য এক খবৰৰ বাবে: শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.