একাংশ লোকৰ উচতনিৰ বাবেই বৃদ্ধি পাইছে বন ধ্বংস : ৰঞ্জিত বসুমতাৰী

author img

By

Published : Sep 22, 2021, 12:10 PM IST

BTR EM reacts abouth wild elephant killed in chirang

বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা ৷ যাক লৈ চিন্তিত হৈ পৰিছে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৷ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহীগৰাকী ৷

চিৰাং, 22 ছেপ্তেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা ৷ বিশেষকৈ দুষ্কৃতিকাৰীৰ আক্ৰমণত মৃত্যু হোৱা বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধি দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ যাক লৈ উদ্বিগ্ন হৈ পৰিছে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ৷

মঙলবাৰে সমগ্ৰ পৰিস্থিতি বুজ ল’বলৈ নিজেই ঘটনাস্থলী পৰিদৰ্শন কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ দুষ্কৃতিকাৰীৰ কবলত পৰি বিশেষকৈ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ সমষ্টিতেই বন্যহস্তীৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰা হ’ব বুলি বসুমতাৰীয়ে প্ৰকাশ কৰে ৷

বন ধ্বংসক লৈ উদ্বিগ্ন ৰঞ্জিত বসুমতাৰী

লগতে পঢ়ক: দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

ৰাজ্য চৰকাৰৰ এই স্থিতিক একপ্ৰকাৰ চেলেঞ্জ হিচাপে গ্ৰহণ কৰিছে দুষ্কৃতিকাৰীয়ে ৷ সেয়ে অবাধ হাৰত বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যু সংখ্যা ৷ এই বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

আনহাতে, বনাঞ্চলতো অবাধ হাৰত বৃদ্ধি পাইছে অবৈধ বেদখলৰ সংখ্যা ৷ যাৰ বাবেই ৰাজ্যত বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত ৷ বনাঞ্চল বেদখলৰ ক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থৰ বাবে কিছু লোকৰ উচতনিৰ বাবেও ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে অবৈধ বেদখলৰ সংখ্যা ৷ এই অভিযোগ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷

লগতে পঢ়ক: Domestic violence : পত্নীক হত্যা কৰি মেডিকেললৈ নিলে কামালউদ্দীনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.