ETV Bharat / state

বিহুৰ বতৰতে দৰিদ্ৰ ৰাইজলৈ আশাৰ বতৰা চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:53 PM IST

চৰাইদেউৰ মাহমৰাত ৫,২৮৮ লোকক ৰেচন কাৰ্ড বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে ৷

distribution-of-new-ration-cards-in-charaideo
ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

ডিব্ৰুগড়, 16 জানুৱাৰী : সমাগত লোকসভা নিবাৰ্চন । নিবাৰ্চনৰ লক্ষ্যৰে এখনৰ পাচত আন এখন আঁচনি ঘোষণা কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে । আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে বিজেপিৰ সপক্ষে ভোটাৰক ধৰি ৰখাৰ চেষ্টা কৰিছে ৷ আঁচনি উদ্বোধনী অনুষ্ঠানসমূহো অনুষ্ঠিত হৈছে বিশাল জনসভাৰে ।

হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিহুতেই ৪০ লাখৰো অধিক লোকক দিয়া হ’ব ৰেচন কাৰ্ড । বছৰি ৪ লাখৰ তলত উপাৰ্জন কৰা সকলো লোককে ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা পাচতে ৰাজ্যত এক আনন্দৰ জোৱাৰ উঠিছিল । সেই প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰা দেখিবলৈ পোৱা গৈছে মঙলবাৰৰে পৰা ৷

আজি চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা সমষ্টিৰ জজলী পাঁচআলিত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰা আনুষ্ঠানিকভাৱে ৰেচনকাৰ্ড বিতৰণ কৰা হয় । এই বিতৰণ কাৰ্যসূচীত মাহমৰা সমষ্টিটোৰ ২৭,২১৮ গৰাকী হিতাধিকাৰীক সামৰি ৫,২৮৮ খন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । এই বিতৰণ কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থাকে ৷

মন্ত্ৰী যোগেন মহনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে, ৰেচন কাৰ্ড লাভ কৰা লোকসকলে কাইলৈৰ পৰাই লাভ কৰিব ৫ কেজিকৈ চাউল । এই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী সমগ্ৰ অসমজুৰি সমষ্টিয়ে সমষ্টিয়ে ২৫ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক : তিনিচুকীয়াত ৩৮ হাজাৰ নতুন ৰেচন কাৰ্ড বিতৰণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.