Historical content recover : সোণাৰিত আহোম যুগৰ মুদ্ৰাসহ ঐতিহাসিক সমল উদ্ধাৰ

author img

By

Published : Nov 26, 2021, 8:53 PM IST

Ahom era coins recovered at Charaideo

আহোম যুগৰ মুদ্ৰা(Ahom era coins recovered)ৰ লগতে বহু ঐতিহাসিক সমল উদ্ধাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমনহাবি গাঁৱত । উদ্ধাৰ হোৱা এই সমল সমূহৰ ভিতৰত মুদ্ৰা দুটাৰ এটা ১৬৭২ খ্ৰীষ্টাব্দ আৰু আনটো ১৬৭৪ খ্ৰীষ্টাব্দৰ বুলি জানিব পৰা গৈছে ।

মৰাণ, 26 নৱেম্বৰ : চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমনহাবি গাঁৱত উদ্ধাৰ হৈছে আহোম যুগৰ মুদ্ৰাৰ লগতে বহু ঐতিহাসিক সমল (Historical resource of the Ahom era recovered) । উদ্ধাৰ হোৱা এই সমল সমূহৰ ভিতৰত মুদ্ৰা দুটাৰ এটা ১৬৭২ খ্ৰীষ্টাব্দ আৰু আনটো ১৬৭৪ খ্ৰীষ্টাব্দৰ বুলি জানিব পৰা গৈছে ।

আনহাতে, মুদ্ৰাকেইটাৰ এটা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু আনটো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালৰ পৌৰাণিক মুদ্ৰা বুলি সন্দেহ কৰা হৈছে । জানিব পৰা মতে টিমনহাবি অঞ্চলৰ নিবাসী লক্ষী গগৈয়ে নিজৰ বাৰীত থকা পুখুৰীটোৰ পৰা মাটি খনন কৰোঁতে উদ্ধাৰ হয় এই ঐতিহাসিক সমল(historical resource found in pond) । লগে লগে লোকজনে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কাকতিবাৰী আৰক্ষী থানাত জমা দিয়ে ।

সোণাৰিৰ কাকতিবাৰীত আহোম যুগৰ মুদ্ৰাসহ ঐতিহাসিক সমল উদ্ধাৰ

সম্প্ৰতি কাকতিবাৰী আৰক্ষীৰ জিম্মাত থকা এই সমল সমূহৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পুৰাতত্ব বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে । ইফালে, অঞ্চলটোত আৰু তেনে সমল উদ্ধাৰ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পুৰাতত্ত্ব বিভাগে (Department of Archaeology) ।

লগতে পঢ়ক: Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.