অসমৰ ৬ জনগোষ্ঠীক প্ৰতাৰণা : চাহ জনজাতি ছাত্ৰ সন্থাৰ ক্ষোভ প্ৰকাশ

author img

By

Published : Sep 15, 2022, 2:03 PM IST

moran

অসমৰ ৬ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তাৰ মাজতে পুনৰ চৰকাৰে প্ৰৱঞ্চনা কৰিলে জনগোষ্ঠীকেইটাক (Govt cheated six communities of Assam)। দেশৰ ৫ ৰাজ্যৰ কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ চৰকাৰ । কিন্তু সেই ৫ ৰাজ্যৰ ভিতৰত নাই অসমৰ নাম ।

মৰাণ,১৫ ছেপ্টেম্বৰ : পুনৰ অসমৰ ৬ জনগোষ্ঠীক প্ৰতাৰণা (Govt cheated six communities of Assam)। কেন্দ্ৰীয় কেবিনেটে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (Union Cabinet led PM Modi granted ST)। লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৬ জনগোষ্ঠীকে ধৰি বহু দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ।

ইয়াৰ মাজতে ক্ষোভিত হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা । সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তিয়ে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি অসমৰ ছয় জনগোষ্ঠীৰ সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শেহতীয়াকৈ অসমৰ এটাও জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যদা লাভ নকৰাত আচৰিত হয় সংগঠনটো ।

চাহ জনজাতি ছাত্ৰ সন্থাৰ ক্ষোভ প্ৰকাশ

চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে চাহ জনজাতীয় নেতাগৰাকীয়ে । লগতে অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে অহা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে পদক্ষেপ ল'ব বুলিও হুংকাৰ দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে ।

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেট । য'ত ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় (Union Cabinet approved 5 states tribes as ST) ।

ইফালে অসমত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে । কিন্তু বুধবাৰৰ কেন্দ্ৰীয় কেবিনেটে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (6 tribes demanding ST in Assam) । যাৰ বাবে এতিয়া উক্ত ছয় গোষ্ঠীৰ মাজত ক্ষোভ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :ST status for Tribes: আকৌ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.