অধ্যক্ষ অধ্যাপকক হাৰাশাস্তি কৰাৰ অভিযোগত কাছাৰ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ ধৰ্ণা

author img

By

Published : Aug 23, 2022, 6:49 PM IST

student protest against administration

মঙলবাৰে উত্তপ্ত হৈ পৰিল কাছাৰ মহাবিদ্যালয় । দেওবাৰে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত খেলিমেলি কৰাৰ অভিযোগত কাছাৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষক প্ৰশাসনে হাৰাশাস্তি কৰাৰ অভিযোগত ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ (Students protest at Cachar College) ।

কাছাৰ, ২৩ আগষ্ট: দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা (Assam recruitment exam)। ৰাজ্যৰ ২৪ খন জিলাত এই লিখিত পৰীক্ষা অনুষ্ঠিত হয় । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে কাছাৰৰ কাছাৰ মহাবিদ্যালয়তো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা । কিন্ত চতুৰ্থ বৰ্গৰ পৰীক্ষাত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল মহাবিদ্যালয়খনত (Cachar college exam controversy)।

সেই অভিযোগৰ ভিত্তিত কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু এগৰাকী অধ্যাপকক প্ৰশাসনে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছিল । প্ৰশাসনে মহাবিদ্য়ালয়খনৰ অধ্যাপক আৰু অধ্যক্ষগৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগত মঙলবাৰে মহাবিদ্য়ালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী(Students protest at Cachar College) ।

অধ্যক্ষ অধ্যাপকক হাৰাশাস্তি কৰাৰ অভিযোগত কাছাৰ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ ধৰ্ণা

মহাবিদ্যালয়খনৰ অধ্যক্ষ সিদ্ধার্থ শংকৰ নাথক গ্ৰেপ্তাৰ তথা স্বদেশ ৰঞ্জন দাসৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

কাছাৰ জিলা প্ৰশাসন মহাবিদ্যালয়খনত উপস্থিত হৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰছাত্ৰীসকলে । উল্লেখ্য যে, পৰীক্ষাৰ প্ৰটোকল ভংগ কৰাৰ অভিযোগত কাছাৰৰ উপায়ুক্ত ৰোহন ঝাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধার্থ শংকৰ নাথক । সেয়ে প্ৰতিবাদী শিক্ষাৰ্থীসকলে অধ্যক্ষগৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: সমাজে এঘৰীয়া কৰা লোকক পূজালৈ মাতি বিপদত ব্ৰাহ্মণ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.