ETV Bharat / state

শিলচৰৰ এনআইটিত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

author img

By

Published : May 11, 2021, 7:43 AM IST

Updated : May 11, 2021, 9:37 AM IST

শিলচৰৰ এনআইটিত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন ৷ ঘৰত থৈ অহাৰ প্ৰলোভন দি যুৱতীগৰাকীক দলবদ্ধভাৱে যৌন নিৰ্যাতন চলায় তিনি যুৱকে ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যুৱক তিনিজনক ৷

rape-allegation-in-nit-campaus
যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

শিলচৰ, 11 মে : সোমবাৰে বিয়লি ভাগত শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এনআইটি)ত যুৱতীক দলবদ্ধ ধৰ্ষণক লৈ সংঘটিত হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ প্ৰতিষ্ঠানটোৰ ভিতৰতে তিনিজন যুৱকে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, বিয়লি 5 বজাত যুৱতীগৰাকী ঘৰলৈ উভতাৰ পথত এজন যুৱক মটৰ চাইকেলেৰে আহি যুৱতীগৰাকীৰ সন্মুখত উপস্থিত হয় ৷ যুৱতী গৰাকীক ঘৰত থৈ অহাৰ প্ৰলোভন দিছিল যদিও যুৱতীগৰাকীয়ে মানি নল’লে যুৱকজনৰ প্ৰস্তাৱ ৷

যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

পৰৱৰ্তী সময়ত আন দুজনৰ সৈতে তিনিওজন যুৱকে উপৰ্যুপৰি দলবদ্ধভাৱে যৌন নিৰ্যাতন চলায় যুৱতীগৰাকীৰ ওপৰত ৷ ঘৰত উপস্থিত সৈতে যুৱতীগৰাকীয়ে এই কথা পৰিয়ালক অৱগত কৰে ৷

ইয়াৰ পাচতে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ঘুংঘুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে তদন্ত কৰি কানাইলাল গোৱালা, মহেশ গোৱালা আৰু সনৎ গোয়ালা নামৰ যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এনআইটি অঞ্চলত ৷

লগতে পঢ়ক : হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কঠোৰ জিলা প্ৰশাসন

Last Updated : May 11, 2021, 9:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.