ETV Bharat / state

Manikpur Model Hospital:মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ভিতৰচৰাত চলিছে কি?

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:14 AM IST

চিকিৎসক আছে কিন্তু স্পেচিয়েলিষ্ট নথকাকৈ চলি আছে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় ৷

Manikpur Model Hospital
মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ভিতৰচৰাত চলিছে কি

মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ভিতৰচৰাত চলিছে কি

বঙাইগাঁও, 18 অক্টোবৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সৃষ্টি হৈছে অস্বাভাৱিক পৰিৱেশৰ ৷ চিকিৎসকে যোগদান কৰিয়েই গুচি যায় চিকিৎসালয়খনৰ পৰা ৷ যোগদান কৰি ডেপুটেছনত গুচি যোৱা চিকিৎসক পুনৰ উভতি নাহে চিকিৎসালয়খনলৈ ৷

শেহতীয়াকৈ এগৰাকী প্ৰসূতি চিকিৎসক বদলিকৰণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয়খনত । নিজৰ খেয়াল খুচি মতে চিকিৎসালয় চলাই গৈছে কতৃপক্ষই । প্ৰাপ্ত বাতৰি অনুসৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কিছুদিন আগতে প্ৰসূতি বিভাগত ডাঃ ধীৰা দাস নামৰ এগৰাকী চিকিৎসকে যোগদান কৰে । কিন্তু যোগদান কৰিয়ে চুটি লৈ কিছুদিন পিছতেই বদলি হৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ যোগদান কৰে । উল্লেখনীয় কথাটো হ’ল মাণিকপুৰ চিকিৎসালয়ত প্ৰসূতি বিভাগৰ ডাঃ নথকা স্বত্তেও কি স্বাৰ্থত চিকিৎসালয়ৰ অধীক্ষক চিত্যৰঞ্জন হাজৰিকাই বদলিকৰণৰ বৈধতাৰ প্ৰমান পত্ৰ দিলে এই কথা ৰহস্যৰ আৱৰ্তত ।

আনহাতে দাঁতৰ ডাক্তৰ মৌচুমী দাস আৰু ফিজিঅ’থেৰাপিষ্ট ডাঃ বাবলু শৰ্মা, এই দুগৰাকী ডাক্তৰে আজি তিনি বছৰ ধৰি এটাছমেন্ট হিচাপে অন্য ঠাইত চাকৰি কৰি মাণিকপুৰৰ পৰা দৰমহা গ্ৰহণ কৰি আছে । ই কেনে ধৰণৰ প্ৰশাসন ব্যৱস্থা ! মাণিকপুৰৰ কিছু দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে সচেতন ব্যক্তিয়ে এই ঘটনাসমূহৰ বিষয়ে চিকিৎসালয়খনৰ অধীক্ষকৰ পৰা জানিব বিচৰাত চকুমুদা কুলিৰ ভাও ধৰি সকলো কথা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ ঠেলি দি দায় সৰা মন্তব্য কৰে ।

এই ক্ষেত্ৰত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ পৰা মন্তব্য বিচৰাত তেওঁ এই সকলো বিষয়ত অজ্ঞাত বুলি কয় । চিকিৎসালয়খনৰ অধীক্ষক চিত্যৰঞ্জন হাজৰিকা আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰচিদ ভূঞাই পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি একমাত্ৰ নিজৰ মুনাফাৰ বাবে চিকিৎসালয় পৰিচালনা কৰি আছে বুলি স্থানীয় একাংশ দল-সংগঠনৰ নেতৃবৃন্দ তথা সচেতন ৰাইজে অভিযোগ তুলিছে ।

প্ৰসূতি চিকিৎসক, দন্ত চিকিৎসক আৰু ফিজিঅ’থেৰাপি স্পেচিয়েলিষ্টক পুনৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত যোগদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা স্বাস্থ্য বিষয়াক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাব ৷ অতি শীঘ্ৰে ইয়াৰ সুব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিভাৱে আন্দোলন কৰাৰ হুংকাৰ দিয়ে স্থানীয় দল-সংগঠনে ।

লগতে পঢ়ক : Manikpur Sub District Demand : দাবী পূৰণ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.