বঙাইগাঁৱত অঘটন: সপ্তম মহলাৰ পৰা পৰিল শ্ৰমিক

author img

By

Published : Jun 24, 2022, 1:28 PM IST

labourer falls from 7th floor in bongaigaon

বঙাইগাঁৱত নিৰ্মাণৰত এটা আৱাসৰ সপ্তম মহলাৰ পৰা পৰি চিকিৎসাধীন এজন শ্ৰমিক(Labourers undergoing treatment after falling from the seventh floor) । বঙাইগাঁৱৰ কিষান বজাৰৰ সমীপত সংঘটিত এই ঘটনা । ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন ভিন্ন অভিযোগ ।

বঙাইগাঁও,২৪ জুন: বঙাইগাঁৱত সংঘটিত এক শ্বাসৰুদ্ধকাৰী ঘটনা । বঙাইগাঁও জিলাৰ কিষান বজাৰৰ সমীপত নিৰ্মাণৰত অগ্ৰিম আৱাসত সংঘটিত হৈছে এই অঘটন । আৱাসটোৰ সপ্তম মহলাত কৰ্মৰত এগৰাকী শ্ৰমিক বাগৰি পৰে তলত ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতেই হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । সংকটজনক অৱস্থাত শ্ৰমিকগৰাকীক বঙাইগাঁৱৰ লৱাৰ অসাম হাস্পতালত(Labourers undergoing treatment after falling from the seventh floor) । আহত শ্ৰমিকজন বঙাইগাঁও জিলাৰ মেৰেশ্বৰৰ ৰকিবুল ইছলাম বুলি জানিব পৰা গৈছে ।

বঙাইগাঁৱত অঘটন: সপ্তম মহলাৰ পৰা পৰিল শ্ৰমিক

এই ঘটনা সংঘটিত হোৱাৰ পাছতেই বিভিন্নজনে তদাৰকৰ দায়িত্বত থকা লোকজনৰ বিৰুদ্ধে উত্থাপন কৰিছে ভিন্ন অভিযোগ । স্থানীয় ৰাইজৰ অভিযোগ যে শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ কৰা হোৱা নাই । চেফটি বেল্ট প্ৰদান নকৰাৰ বাবেই এই ঘটনা সংঘটি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক: Dead body recovered : ব্ৰহ্মপুত্ৰত নিখোজ যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.