ETV Bharat / state

Bongaigaon Medical College: নিৰ্মীয়মান বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Jun 17, 2023, 10:03 PM IST

Bongaigaon Medical College
Bongaigaon Medical College

2024 চনৰ জুলাই-আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ৷ শনিবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

বঙাইগাঁও, ১৭ জুন: নিৰ্মীয়মান বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ শনিবাৰে বিয়লি নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা আয়ুক্তৰ সৈতে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷

Bongaigaon Medical College
উপায়ুক্ত, অভিযন্তাৰ সৈতে বৈঠকত মিলিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

নিৰ্মীয়মান চিকিৎসালয়খনৰ কাম-কাজৰ বুজ লোৱাৰ পাচত নিৰ্মাণস্থলীৰ অস্থায়ী সভাকক্ষত জিলা আয়ুক্ত, নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধক, অভিযন্তা আৰু বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ এই বৈঠকত বৰ্তমানলৈকে সম্পন্ন হোৱা কাম-কাজৰ অগ্ৰতি দেখি সন্তুষ্টি প্ৰকাশ কৰে ৷ ইফালে নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ বাবে এটা পাৱাৰলাইন বহুৱাৰ বাবে এতিয়াৰে প্ৰয়োজনীয় ব্যৱস্থাৱলী আৰম্ভ কৰিবলৈ জিলা আয়ুক্তৰ লগতে APDCLৰ কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে ৷

Bongaigaon Medical College
উপায়ুক্ত, অভিযন্তাৰ সৈতে বৈঠকত মিলিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা বছৰৰ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য যথেষ্ট ক্ষীপ্ৰতাৰে আগবাঢ়িছে ৷’’ নিৰ্মাণৰ কৰ্মনিৰ্দেশনা (ৱৰ্ক অৰ্ডাৰ) অনুসৰি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ২০২৫ চনৰ আগষ্টলৈকে ‘আহলুৱালিয়া কনট্ৰেক্ট ইণ্ডিয়া লিমিটেড’ক সময় দিয়া আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷ আনহাতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে 2024 চনৰ জুলাই-আগষ্ট মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি সদৰী কৰে ৷

চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক ভৱন আৰু চিকিৎসালয়ৰ মূল নিৰ্মাণকাৰ্য অহা ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰতে সম্পূৰ্ণ কৰিব বুলিও শনিবাৰৰ বৈঠকত ‘আহলুৱালিয়া কনট্ৰেক্ট ইণ্ডিয়া লিমিটেড’ৰ প্ৰকল্প প্ৰৱন্ধকগৰাকীয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ আগত উল্লেখ কৰে ৷

নিৰ্মীয়মান চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পাচত নৱনিৰ্মিত দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ো পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ উল্লেখ্য যে দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ত জুলাইৰ পৰা আৰম্ভ হ’ব OPD সেৱা ৷

লগতে পঢ়ক: Jonali Nath murder case: জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামক পুনৰ 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.