ETV Bharat / state

BJP state president Bhabesh Kalita: আমাৰ ল’ৰা-ছোৱালীয়ে ভালকৈ পঢ়ি চাকৰিবোৰ ল’ব লাগে: ভৱেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:18 PM IST

বঙাইগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ ৫ খন জিলাৰ বিজেপি শাসিত পৌৰসভাৰ পাৰিষদসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল’লে কলিতাই ৷

BJP state president Bhabesh Kalita
Bhabesh Kalita slams Badruddin Ajmal
আমাৰ ল’ৰা-ছোৱালীয়ে ভালকৈ পঢ়ি চাকৰিবোৰ ল’ব লাগে

বঙাইগাঁও, ৭ নবেম্বৰ: অসমৰ ৫খন জিলাৰ পৌৰসভাৰ পাৰিষদসকলক লৈ এদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত মঙলবাৰে বিজেপিয়ে অনুষ্ঠিত কৰে "অভ্যাস বৰ্গ " অনুষ্ঠান । সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়ে । অসম প্ৰদেশ বিজেপিৰ প্ৰশিক্ষণ বিভাগৰ আহ্বায়ক ব্ৰজ কুমাৰ দাসে "অভ্যাস বৰ্গ" আৰম্ভনি কৰি পাৰিষদ সকলৰ উদ্দেশ্যে ভাষণ ৰাখে । উক্ত প্ৰশিক্ষণৰ প্ৰথম সত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস, মতাদৰ্শ, অংশগ্ৰহণ, সমৰ্থন, সম্প্ৰসাৰণ আদি বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড৹ প্ৰদীপ ঠাকুৰীয়াই ।

দ্বিতীয় সত্ৰত আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম সন্দৰ্ভত ভাষণ ৰাখে বিজেপি OBC মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰে । আনহাতে, তৃতীয় সত্ৰত পৌৰসভাৰ পাৰিষদসকলৰ মাপকাঠি সম্পৰ্কত বক্তব্য ৰাখে ক্ৰমে বঙাইগাঁও, ধুবুৰী আৰু বৰপেটাৰ পৌৰপতি সকলে ।

অন্তিম সত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গৰীৱ কল্যাণ আঁচনিৰ অভিজ্ঞতা আৰু ৰূপায়ন সন্দৰ্ভত ভাষণ ৰাখে । কাৰ্যসূচীত বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, বিলসীপাৰা আৰু ধুবুৰী পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিৰ লগতে পাৰিষদ সকল, জিলা-বিষয় ববীয়া, কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

বদৰুদ্দিন আজমলে নিৰ্বাচন অহাৰ বাবে উচ্ছেদ চলা বুলি গোৱালপাৰাত কৰা মন্তব্য সন্দৰ্ভত ভৱেশ কলিতাই কয় যে, চৰকাৰৰ বিভাগে আইন অনুসৰি বেদখল হোৱা স্থানত উচ্ছেদ চলাইছে ৷ এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া ৷

আজমলৰ ‘মিঞা’ মন্তব্য সন্দৰ্ভত ভৱেশ কলিতাই কয়, ‘‘ আমাৰ ল’ৰা-ছোৱালীয়ে ভালকৈ পঢ়ি চাকৰি ল’ব লাগে ৷ মুখ্যমন্ত্ৰীয়ে এক লাখ চাকৰি দিলে ৷ সেইবোৰ চাকৰি আমাৰ ল’ৰা-ছোৱালীয়ে পাব লাগে ৷ উঠি অহা প্ৰজন্মই চিন্তা কৰিব লাগিব এইখন ৰাজ্য আমাৰ ৷ সকলো দিশতে আমি সেৱা আগবঢ়াব লাগিব ৷ সজাগ-সচেতন হ’ব লাগিব ৷’’

লগতে পঢ়ক: BJP workers Meet at Laluk: মিছলীয়া কংগ্ৰেছৰ পৰা ৰাইজক সাৱধান হ’বলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.