ETV Bharat / state

বিশ্বনাথত বন্যহস্তীৰ সন্ত্ৰাস

author img

By

Published : Sep 14, 2019, 6:21 PM IST

Updated : Sep 14, 2019, 6:33 PM IST

বিশ্বনাথৰ বৰজাৰণীত বন্যহস্তীৰ আতংক ৷ পাঁচটাকৈ পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন ৷ কথমপি প্ৰাণৰক্ষা পৰিয়ালকেইটাৰ ৷

হাতীৰ আক্ৰমণত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত বাসগৃহ

বিশ্বনাথ,14 চেপ্টেম্বৰ: পুৱতি নিশা বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজাৰণীত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰে ৷ গাঁৱখনৰ নুৰভক্ত আলি,ছালেহ আহমেদ,ৰুদ্ৰ পৌড়েলৰ বাসগৃহত পৰিয়াল কেইটাই শুই থকা অৱস্থাতে অতৰ্কিতে এটা বন্য হস্তীয়ে আহি আক্ৰমণ কৰে ‌। প্ৰায় পাঁচটাকৈ পকী ঘৰৰ দেৱাল ভঙাত কথমপিহে প্ৰাণৰক্ষা পৰে পৰিয়াল কেইটাৰ শিশুসহ অন্যান্য সদস্যসকলৰ। হাতীয়ে পৰিয়াল কেইটাৰ কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতি সাধন ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা অধিকাংশ খাদ্য সামগ্ৰীয়েই অনিষ্ট সাধন কৰে। পৰিয়ালকেইটাই বন বিভাগৰ সৈতে যোগাযোগ কৰিও সুফল নোপোৱাৰ অভিযোগ কৰিছে। বন্যহস্তীয়ে চলোৱা তিনিঘন্টা যোৰা তাণ্ডৱৰ অন্ততঃ বন বিভাগৰ পৰা অহা এটা দল অৱশেষত হাতী দুটা খেদিবলৈ সক্ষম হয়।

বিশ্বনাথৰ বৰজাৰণীত বন্যহস্তীৰ আতংক
Intro:as_biswanath_801_14_seb_elephant _attack_vis_byte_scrpt_as10018Body:as_biswanath_801_14_seb_elephant _attack_vis_byte_scrpt_as10018Conclusion:বিশ্বনাথৰ বৰজাৰণীত বন্য হস্তীৰ তাণ্ডৱ



পুৱতি নিশা বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ বৰজাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজাৰণীৰ ক্ৰমে নুৰভক্ত আলি ,ছালেহ আহমেদ, ৰুদ্ৰ পৌড়েল, বাসগৃহত পৰিয়াল কেইটাই শুই থকা অৱস্থাতে অতৰ্কিতে এটা বন্য হস্তীয়ে আহি আক্ৰমণ কৰে ‌। প্ৰায় পাঁচটাকৈ পকী ঘৰৰ দেৱাল ভঙাত কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ শিশু সহ অন্যান্য সদস্যসকলৰ ।
হাতীয়ে পৰিয়াল কেইটাৰ কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতি সাধন ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা অধিকাংশ খাদ্য সামগ্ৰীয়েই অনিষ্ট সাধন কৰে ।বন বিভাগৰ সৈতে যোগাযোগ কৰিও সুফল নোপোৱাৰ অভিযোগ পৰিয়াল কেইটাৰ। বন্য হস্তীয়ে চলোৱা তিনিঘন্টা যোৰা তাণ্ডৱৰ অন্ততঃ বন বিভাগৰ পৰা অহা এটা দল অৱশেষত হাতী দুটা খেদিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হয়, এই দীৰ্ঘদিনীয়া সমস্যাটো ৰোধ কৰাত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে বনবিভাগ কিম্বা প্ৰশাসন ? বনবিভাগে সক্ষম হ'ব নে বন্য হস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ?
সেয়া অনাগত দিনত হে লক্ষ্যনীয় বিষয় হিচাপে বিবেচিত হ'ব।


বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি অসম
Last Updated :Sep 14, 2019, 6:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.