ইটাখোলাত কিশোৰী ধৰ্ষণত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Sep 7, 2021, 9:47 AM IST

Asc10017-sootea-5 September-801-803-visual-byte-still-sootea news-pransankar bhuyan.

চতিয়াৰ সদাইবৰাত 16 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক ৷ ফুচুলাই নি কিশোৰীগৰাকীক ধৰ্ষণ কৰি পেলাই থৈ গৈছিল অভিযুক্ত যুৱকজনে ৷

চতিয়া, 7 ছেপ্তেম্বৰ : চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত সদাইবৰাত সংঘটিত হৈছে কিশোৰীক ধৰ্ষণৰ ঘটনা ৷ জানিব পৰা অনুসৰি, 1 নং ইটাখোলাৰ বিকু মুণ্ডা নামৰ যুৱকজনে ঘৰৰ কাষতে অনুষ্ঠিত কৰম পূজাস্থলীৰ পৰা এগৰাকী 16 বছৰীয়া কিশোৰীক ফুচুলাই আনি ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷

Asc10017-sootea-5 September-801-803-visual-byte-still-sootea news-pransankar bhuyan.
ইটাখোলাত কিশোৰীক ধৰ্ষণত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ

ইয়াৰ পিছতে কিশোৰীগৰাকীক ঘটনাস্থলীতে পেলাই থৈ পলায় অভিযুক্ত বিকু মুণ্ডাই ৷ কিশোৰীগৰাকীয়ে কোনোমতে ঘটনাস্থলীৰ পৰা উঠি আহি ওচৰৰে আইজুৰ ৰহমান নামৰ লোকজনৰ ঘৰত উপস্থিত হৈ সকলো কথা বিবৰি কয় ৷ আইজুৰ ৰহমানে কিশোৰীগৰাকীক ইটাখোলা আৰক্ষী চকীলৈ লৈ যায় ৷

ইটাখোলাত কিশোৰীক ধৰ্ষণত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ

তাতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ উপস্থিতিত অভিযুক্ত বিকু মুণ্ডাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিতে POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰি বিকু মুণ্ডাক গ্ৰেপ্তাৰ কৰে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাই পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : তিনিমাহৰ অন্তত অভয়াকুটি হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.