ETV Bharat / state

চৌকিঘাট কাণ্ডৰ প্ৰসংগৰে অসম আন্দোলনৰ সৰ্তীথ মঞ্চৰ সংবাদ মেল

author img

By

Published : Aug 4, 2020, 12:00 AM IST

সোমবাৰে অসম আন্দোলনৰ সৰ্তীথ মঞ্চই সম্বোধন কৰিলে এখন সংবাদ মেল । অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য, অসমীয়া সাহিত্যৰ বেকন ৰূপে পৰিচিত সত্যেন্দ্ৰ নাথ বৰাৰ উমলা ভূমি জামুগুৰিহাটৰ পশ্চিমাঞ্চলত আজি সন্দেহজনক নাগৰিকৰ দপদপনি অসমীয়া জাতিৰ বাবেই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে অসম আন্দোলনৰ সতীৰ্থ মঞ্চই ।

press-meet-of-satirtha-mancha-regarding-choukighat-incident
চৌকিঘাট কাণ্ডৰ প্ৰসংগৰে অসম আন্দোলনৰ সৰ্তীথ মঞ্চৰ সংবাদ মেল

চতিয়া,৩ আগষ্ট: জামুগুৰিহাটত যোৱা ৩০ জুলাইৰ ঘটনাৰ সন্দৰ্ভত সোমবাৰে অসম আন্দোলনৰ সতীৰ্থ মঞ্চই অনুস্থিত কৰে এখন সংবাদ মেলৰ । স্বদেশৰ মাটিত স্বজাতিৰ ওপৰত চলা সন্দেহজনক নাগৰিকৰ দ্বাৰা হোৱা অত্যাচাৰ কোনো কাৰণতেই সহ্য কৰা ন'হব বুলি উল্লেখ কৰি ইয়াৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে সময়ৰ আহ্বানক আকোৱালী লৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি ব্যক্ত কৰিলে মঞ্চৰ সদস্য সকলে ।

চৌকিঘাট কাণ্ডৰ প্ৰসংগৰে অসম আন্দোলনৰ সৰ্তীথ মঞ্চৰ সংবাদ মেল

সন্দেহজনক নাগৰিকৰ কৱলৰ পৰা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চৰকাৰী মাটি পুনৰ উদ্ধাৰৰ বাবে চলোৱা যুঁজখনত বিধায়ক গৰাকীক সম্পূৰ্ণৰূপে সহযোগ কৰিবলৈ সাজু থকা বুলি উল্লেখ কৰি অসম আন্দোলনৰ সতীৰ্থ মঞ্চই স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত চকীঘাটত এখন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানাৰ স্থাপনৰ বাবেওঁ জনালে আহ্বান । শীঘ্ৰেই আৰক্ষী থানাখন স্থাপনৰ দাবীৰে স্থানীয় বিধায়কৰ জৰিয়তে অসমৰ ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি জনালে অসম আন্দোলনৰ সৰ্তীথ মঞ্চই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.