প্ৰসূতিৰ মৃত্যুক লৈ গহপুৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 12, 2022, 9:12 PM IST

pregnant-woman-death-in-gohpur-civil-hospital

এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি গহপুৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি (Tense situation in Gohpur medical college) । দোষী চিকিৎসকগৰাকীৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ ।

গহপুৰ, ১২ মে: বিশ্বনাথ জিলাৰ গহপুৰ অসামৰিক চিকিৎসালয়ত (Gohpur Civil hospital)আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । সন্তান প্ৰসৱৰ পিছতে এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ।

বুধবাৰে নিশা লোহিতমুখৰ ৰাহুল দলেৰ পত্নী মেনকা দলেক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷ ভূক্তভোগী পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি চিকিৎসক নোহোৱাকৈয়ে চাৰিগৰাকী নাৰ্চে সন্তান প্ৰসৱ কৰাৰ সময়ত ভুল পদ্ধতি অৱলম্বন কৰাৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যু হয় (Pregnant woman death) ।

প্ৰসূতিৰ মৃত্যুক লৈ গহপুৰত উত্তপ্ত পৰিস্থিতি

পৰিয়ালৰ লোকে আৰু অভিযোগ কৰে যে অন্তিম সময়তহে চিকিৎসক আহি উপস্থিত হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটাত বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । যাৰ ফলত মহিলা গৰাকীয়ে মৃত্যুক আকোৱালি ল'বলগীয়া হয় ।

মহিলা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে পৰিয়ালৰ লোকে চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইফালে দোষী চিকিৎসকগৰাকীৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.