ETV Bharat / state

আন্তঃজিলা যাতায়ত বন্ধঃকঠোৰ বিশ্বনাথ আৰক্ষী

author img

By

Published : Jul 24, 2020, 5:03 PM IST

Inter-district travel closed
আন্তঃজিলা যাতায়ত বন্ধঃকঠোৰ বিশ্বনাথ আৰক্ষী

যোৱা 22 জুলাই পৰা অনিৰ্দিষ্টকাললৈ আন্তঃজিলা যাতায়ত যান-বাহন চলাচল বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াকে লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনো ৷ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো অধিক সষ্টম হোৱা দেখা পোৱা গৈছে জিলাখনৰ আৰক্ষী প্ৰশাসন ৷

বিশ্বনাথ,24 জুলাইঃ সমগ্ৰ ৰাজ্যজুৰি এতিয়া কৰ'ণা ভাইৰাছৰ আতংক ৷ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ যাৰ বাবে গণ সংক্ৰমণৰ আশংকাত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন কঠোৰ পদক্ষেপ ৷

আন্তঃজিলা যাতায়ত বন্ধঃকঠোৰ বিশ্বনাথ আৰক্ষী

বৰ্তমানে ৰাজ্যত আন্তঃজিলা যান-বাহন চলাচল বন্ধ হৈ আছে ৷ যোৱা 22 জুলাইৰ পৰা অনিৰ্দিষ্টকাললৈ আন্তঃজিলা যাতায়ত যান-বাহন চলাচল বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ ইয়াকে লৈ এতিয়া কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো অধিক সষ্টম হোৱা দেখা পোৱা গৈছে জিলাখনৰ আৰক্ষী প্ৰশাসন ৷

বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ সীমাত তন্ন-তন্নকৈ যান-বাহনৰ ওপৰত নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে ৷ জৰুৰী কাম নাথাকিলে ইখন জিলাৰ পৰা আনখন জিলালৈ গাড়ী সমূহ যোৱাত বাধা আৰোপ কৰাৰ লগতে কেৱল মাত্ৰ জৰুৰী কামতহে যান-বাহনৰ চলাচলত অনুমতি দিছে বিশ্বনাথ আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.