ETV Bharat / state

অসম আৰক্ষীৰ পতাকা দিৱসত বিশ্বনাথত সমদল আৰক্ষীৰ

author img

By

Published : Oct 30, 2020, 10:33 PM IST

biswanath-assam-police-flag-day
অসম আৰক্ষীৰ পতাকা দিৱসঃ বিশ্বনাথত সমদল আৰক্ষীৰ

অসম আৰক্ষী পতাকা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বিশ্বনাথ জিলা আৰক্ষী আৰু দ্বাদশ অসম আৰক্ষী বাহিনী , জামুগুৰিহাট শোণিতপুৰৰ সৌজন্যত আৰক্ষী বাদ্য-যন্ত্ৰ পৰিৱেশন কৰা হয় । শুকুৰবাৰে বিশ্বনাথৰ পুলিচ পইন্টত কাষত বিশ্বনাথ আৰক্ষীয়ে আয়োজন কৰে এই কাৰ্যসূচী ।

বিশ্বনাথ ৩০ অক্টোবৰ : ৰাজ্যত সপ্তাহজোৰা অসম আৰক্ষী পতাকা দিৱসৰ শুকুৰবাৰে অন্তিমটো দিন । অসম আৰক্ষী পতাকা দিৱস উপলক্ষে বিশ্বনাথত শুকুৰবাৰে সমদল বাহিৰ কৰে আৰক্ষীয়ে ।

biswanath-assam-police-flag-day
অসম আৰক্ষীৰ পতাকা দিৱসঃ বিশ্বনাথত সমদল আৰক্ষীৰ

অসম আৰক্ষী পতাকা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে বিশ্বনাথ জিলা আৰক্ষী আৰু দ্বাদশ অসম আৰক্ষী বাহিনী, জামুগুৰিহাট শোণিতপুৰৰ সৌজন্যত আৰক্ষী বাদ্য-যন্ত্ৰ পৰিৱেশন কৰা হয় । শুকুৰবাৰে বিশ্বনাথৰ পুলিচ পইন্টত কাষত বিশ্বনাথ আৰক্ষীয়ে আয়োজন কৰে এই কাৰ্যসূচী । আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে আৰক্ষী বিভাগৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি বিশ্বনাথ আৰক্ষীয়ে প্ৰকাশ কৰে।

biswanath-assam-police-flag-day
অসম আৰক্ষীৰ পতাকা দিৱসঃ বিশ্বনাথত সমদল আৰক্ষীৰ
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত এই কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্বনাথ আৰক্ষীয়ে । এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ আৰক্ষী বিভাগৰ লোকৰ লগতে বিশ্বনাথ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকলে । অনুষ্ঠানত উপস্থিত থাকে দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰণৱ জ্যোতি গোস্বামী সহ বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শ‌ইকীয়া ৷

লগতে পঢ়ক: চিঠি লিখি অসমৰ কংগ্ৰেছ নেতাক সংযত হোৱাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.